Advertisment

বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। 

 বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

আকৌ আহিল জোনবিল মেলা

জোনবিল মেলাত আকৌ চলিব বিনিময় প্ৰথা

গুৱাহাটী, ১৬ ডিচেম্বৰঃ মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। 

Advertisment

ALSO READ: অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

গোভা দেওৰজা নখোলা ৰাজ ভৱনৰ সিদ্ধান্ত অনুসৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'ব পাহাৰ ভৈয়ামৰ এই সম্প্ৰীতিৰ মেলা। এই মেলালৈ কাৰ্বি আংলং, মেঘালয় আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ পাহাৰৰ মামা-মামীসকলে অংশগ্ৰহণ কৰিব। মঙলবাৰে জোনবিল মেলা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰে গোভা দেওৰজাৰ ৰাজভৱনত আয়োজন কৰা এখন সংবাদ মেলত জোনবিল মেলাৰ কাৰ্যসূচী সন্দৰ্ভত সদৰি কৰে।

ALSO READ: আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি

মেলাৰ প্ৰথম দিনা মেলাথলীলৈ আগমন ঘটিব পাহাৰৰ মামা-মামীসকলৰ। লগত লৈ আহিব পাহাৰৰ উৎপাদিত মেটমৰা সম্ভাৰ। দ্বিতীয়দিনা অনুষ্ঠিত হ'ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। এই বিৰল বিনিময় প্ৰথাত পাহাৰ আৰু ভৈয়ামৰ কৃষিজীৱি লোকসকলে অংশগ্ৰহণ কৰিব। এই বিনিময় হাটৰ পিছতেই অনুষ্ঠিত হ'ব তিৱা ৰাজদৰবাৰ। উক্ত দৰবাৰত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি আৰু বহু লোক। এই দৰবাৰতে মধ্য অসমৰ ২২গৰাকী তিৱা ৰজাক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৰাজভাট্টা। 

ALSO READ: পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা

উল্লেখযোগ্য যে জোনবিল মেলাৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে অনুমোদিত ৫ কোটি টকাৰ কাম-কাজ শীঘ্ৰেই আৰম্ভ কৰিবলৈ আবেদন জনোৱাৰ লগতে বিনিময় প্ৰথা অনুষ্ঠিত হোৱা উপলক্ষে শুক্ৰবাৰে স্থানীয় বন্ধৰ বাবেও মুখ্যমন্ত্ৰীলৈ আবেদন জনোৱা হয়। এইবাৰৰ জোনবিল মেলাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হ'ব। আনহাতে জোনবিল আৰু অৰম বিলত সমূহীয়া মাছধৰা পৰ্ব, কুকুৰা যুঁজ, প্ৰতীকি ৰূপত কৰ তোলা পৰ্ব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। জোনবিল মেলাক লৈ সম্বোধন কৰা সংবাদমেলত গোভা দেওৰজাৰ লগতে উপস্থিত থাকে অনান্য তিৱা ৰজা আৰু বা-বিষয়া।

Advertisment
Advertisment