Advertisment

বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।

 Filephoto
Filephoto

বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।

Advertisment

Read More- অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ।

Read More- চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ

নগাঁৱৰ ধিঙতো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ত প্ৰায় 230 বিঘা জলাভূমি উচ্ছেদ কৰি বেদখলমুক্ত কৰিব তিনিখনকৈ বিল। আজিৰে পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযান চলিব ২০ ডিচেম্বৰলৈকে। বুলড'জাৰৰ বিপৰীতে কোৰ আৰু বেলচাৰে চলিছে এই উচ্ছেদ কাৰ্য। 

Read More- মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক

উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল। ধিঙৰ চালনাবৰী, ভেৰভেৰি বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ আৰু মাগুৰমাৰীত চলিব এই উচ্ছেদ অভিযান। নগাঁও জিলা প্ৰশাসনে আজি পুৱা ৯ বজাৰ পৰা ধিঙৰ টুকটুকীৰ আহোমগাঁৱৰ জলাভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল যদিও এনে উচ্ছেদ কাৰ্য্যক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। কাৰণ এখনো বুলড'জাৰ নোহোৱাকৈ কোৰ-বেলচাৰে উচ্ছেদ কাৰ্য আৰম্ভ কৰে প্ৰশাসনে। 

Read More- "কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব

বুলড'জাৰৰ বিপৰীতে কোৰ আৰু বেলচাৰে একাংশ শ্ৰমিকে আৰম্ভ কৰা উচ্ছেদ অভিযানক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁও জিলা প্ৰশাসনৰ এনে আজৱ কাণ্ডৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু দ'ল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালভাৱে বিগত বছৰ বছৰ ধৰি বেদখল হৈ থকা এই জলাভূমি সমূহত ভালদৰে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দাবী জনাই স্থানীয় ৰাইজে। 

Read More- PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা

উল্লেখ্য যে, বিগত বহু দিনৰ পৰাই একাংশ লোকে বোৱতি জলধাৰা বন্ধ কৰি বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰাৰ ফলত বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছিল। দীৰ্ঘদিনীয়া এনে এটা জটিল সমস্যা সমাধানৰ আৰম্ভণিতে কোৰ বেলচাৰে উচ্ছেদ অভিযান আৰম্ভ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজে। এনেদৰে উচ্ছেদ অভিযান চলি থকাৰ মাজতে উচ্ছেদস্থলীত উপস্থিত হয় নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। জলাশয়সমূহত পুখুৰী খন্দা সকলৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে নগাঁও জিলা আয়ুক্তগৰাকীয়ে।

Advertisment
Advertisment