Assameseবিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাপ্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বৈদেশিক নীতি, অৰ্থনৈতিক সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় এই তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত আমেৰিকাই তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ লগতে তালিকাৰ ১২নং স্থানত আছে ভাৰত।Mrinmoy Talukdar Dec 17, 2025 18:59 ISTFilephotoবিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত?প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাপ্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বৈদেশিক নীতি, অৰ্থনৈতিক সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় এই তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত আমেৰিকাই তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ লগতে তালিকাৰ ১২নং স্থানত আছে ভাৰত।AdvertismentRead More- বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!US NEWS & WORLD REPORT-এ প্ৰকাশ কৰিছে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। নেতৃত্ব , অৰ্থনৈতিক শক্তি , ৰাজনৈতিক প্ৰভাৱ , শক্তিশালী আন্তঃৰাষ্ট্ৰীয় মিত্ৰতা আৰু সামৰিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। Read More- কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰশেহতীয়াকৈ US NEWS & WORLD REPORTৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে স্থান লাভ কৰিছে আমেৰিকাই। দ্বিতীয় স্থানত আছে চীন আৰু তৃতীয় স্থানত ৰাছিয়া। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা চতুৰ্থ স্থানত আছে চৌদি আৰৱ, পঞ্চম স্থানত আছে জাৰ্মানী, ষষ্ঠ ষ্ঠানত আছে জাপান। তালিকাৰ সপ্তম স্থানত দক্ষিণ কোৰিয়া থকাৰ লগতে অষ্টম স্থানত আছে ফ্ৰান্স, নৱম স্থান দখল কৰিছে ইজৰাইলে। আনহাতে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত ব্ৰিটেইনে ১০নং স্থান দখল কৰাৰ লগতে UAE-এ দখল কৰিবলৈ সক্ষম হৈছে তালিকাৰ ১১নং স্থান। আনহাতে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত ১২নং স্থানত আছে আমাৰ দেশ ভাৰত। Read More- বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?বিশ্বৰ আটাইতকৈ শক্তিশালী দেশসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰাটো অতি জটিল প্ৰক্ৰিয়া। সামৰিক শক্তিৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক শক্তি, ৰাজনৈতিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰভাৱলৈকে সকলো দিশেই ইয়াত সামৰি লোৱা হয়। বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰসমূহে বিশ্ব অৰ্থনৈতিক আৰ্হি গঢ় দিয়ে, শক্তিশালী সামৰিক বাহিনী বজাই ৰাখে আৰু বৈদেশিক নীতি স্থাপন কৰে যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে প্ৰতিফলিত হয়।Read More- নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়েAdvertismentAdvertisment Read the Next Article