Advertisment

নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়। 

 Filephoto
Filephoto

নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Advertisment

২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী। পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়। 

Read More- বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

২০ ডিচেম্বৰৰ বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ৰূপায়ণ কৰিব পাঁচটাকৈ বিশেষ কাৰ্যসূচী। প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব মোদীয়ে। তাৰ পিছতেই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত পথযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। নিশাটো গুৱাহাটীতে কটাই ২১ ডিচেম্বৰৰ পুৱাৰ ভাগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নাৱত উঠি মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পিছতে পৰিদৰ্শন কৰিব বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। 

Read More- মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

গুৱাহাটীত এই চাৰিটা কাৰ্যসূচী ৰূপায়ণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হ'ব নামৰূপলৈ। নামৰূপত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাত দহ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বাৰ লাখ পঞ্চাশ হাজাৰ মেট্ৰিক টন ইউৰিয়া প্ৰস্তুত কৰিব পৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইউৰিয়া প্ৰস্তুত কৰিব পৰা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পিছতে দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

Read More- অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত আজি এই কথা জানিবলৈ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই। দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাস্থিত কাৰ্যালয়ত উপস্থিত হৈ এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

Advertisment
Advertisment