Advertisment

কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম

SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। মৃত্যু, অন্য ঠাইলৈ স্থানান্তৰিত ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন নিৰ্বাচন আয়োগৰ। 

 Filephoto
Filephoto

কঠোৰ নিৰ্বাচন আয়োগ!
সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম

SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। মৃত্যু, অন্য ঠাইলৈ স্থানান্তৰিত ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন নিৰ্বাচন আয়োগৰ। 

Advertisment

Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকা

বিহাৰৰ বহু বিতৰ্কিত SIRৰ পিছত এইবাৰ দেশৰ আন কেইবাখনো ৰাজ্যত চলিছে SIR। SIRৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ অন্তত প্ৰকাশ কৰা হ’ল খচৰা ভোটাৰ তালিকা। বহুতে আশংকা কৰাৰ দৰেই ব্যাপক হাৰত নাম কৰ্তন হৈছে ভোটাৰৰ। পশ্চিমবংগ, ৰাজস্থানত ভোটাৰৰ নাম কৰ্তনৰ পৰিসংখ্যাই দৃষ্টি কাঢ়িছে দেশবাসীৰ।

Read More- এগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ

’২৬ৰ নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। পশ্চিমবংগৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা কৰ্তন হ'ল হাজাৰ হাজাৰ ভোটাৰৰ নাম। বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ভোটাৰ তালিকাৰ পৰা আঁতৰিল প্ৰায় ৫৮ লাখ ভোটাৰৰ নাম। মৃত্যু আৰু অন্য ঠাইলৈ স্থানান্তৰিত হোৱা ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন কৰিলে নিৰ্বাচন আয়োগে। সাংসদ অভিষেক বেনাৰ্জীৰ সমষ্টিত কৰ্তন হ'ল প্ৰায় ৮ লাখ ১৬ হাজাৰ ভোটাৰৰ নাম। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমষ্টিৰ পৰাও আঁতৰিল প্ৰায় ৪৪,৭৮৭ ভোটাৰৰ নাম। আনহাতে নন্দিগ্ৰাম সমষ্টিৰ পৰাও কৰ্তন হ'ল ১০,৫৯৯ ভোটাৰৰ নাম। 

Read More- বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

আনহাতে পশ্চিমবংগৰ পাছতে ৰাজস্থানত কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। SIR কাৰ্যকৰী হোৱাৰ পাছতে ৰাজস্থানত ভোটাৰ তালিকাৰ পৰা আঁতৰিল প্ৰায় ৪২ লাখ ভোটাৰৰ নাম। কেবিনেট মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ সমষ্টিৰ পৰা বাদ পৰিল ৬৮ হাজাৰ ভোটাৰ নাম। মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ সমষ্টিৰ পৰা কৰ্তন ৬১ হাজাৰ ভোটাৰৰ নাম। উপ মুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সমষ্টিৰ পৰাও কৰ্তন হৈছে ৫৭ হাজাৰ ভোটাৰৰ নাম।  ৰাজস্থানৰ জয়পুৰ জিলাত কৰ্তন হৈছে ৫,৩৬,২৭৬ গৰাকী ভোটাৰৰ নাম। উল্লেখ্য যে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাসকলে এমাহৰ ভিতৰত দাখিল কৰিব পাৰিব আৱেদন।

Read More- কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ

Advertisment
Advertisment