Advertisment

পুলিয়ে-পোখাই উৎখাত কৰিম, সৰ্বোচ্চ উজাৰি যুঁজিম! বিজেপিক হুংকাৰ

অসমৰ মাটিৰ পৰা পুলিয়ে-পোখাই উৎখাত কৰিব লাগিব বিজেপিক। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সমাজ-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুওৱাৰ সংগ্ৰামখনত সৰ্বোচ্চ উজাৰি দিয়াৰ হুংকাৰ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। 

 Filephoto
Filephoto

পুলিয়ে-পোখাই উৎখাত কৰিম, সৰ্বোচ্চ উজাৰি যুঁজিম!
বিজেপিক হুংকাৰ লুৰীণজ্যোতি গগৈৰ

Advertisment

অসমৰ মাটিৰ পৰা পুলিয়ে-পোখাই উৎখাত কৰিব লাগিব বিজেপিক। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সমাজ-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুওৱাৰ সংগ্ৰামখনত সৰ্বোচ্চ উজাৰি দিয়াৰ হুংকাৰ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। 

Read More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?

প্ৰতিষ্ঠা দিৱসত সংকল্প ল’লে অসম জাতীয় পৰিষদে। বিজেপিক ওফৰোৱাৰ হুংকাৰ দি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। অসমৰ ৰাইজেও এতিয়া বিচাৰিছে বিজেপি চৰকাৰৰ বিকল্প। বিজেপিক হৰুওৱাৰ সংগ্ৰামখনত আমি যুঁজিব লাগিব, সৰ্বোচ্চ উজাৰি দিব লাগিব বুলি মন্তব্য অজাপ সভাপতিগৰাকীৰ। 

Read More- ভয়ংকৰ, শোকাৱহ! পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে ২ বছৰীয়া কনমানিক

বিজেপি চৰকাৰক অসমৰ মাটিৰ পৰা পুলিয়ে-পোখাই উৎখাত কৰাৰ সংকল্প অজাপৰ। বিজেপিক ওফৰোৱাৰ হুংকাৰ দি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ক'লে- ‘মোৰ ককা, আজোককাই দিয়া মাটি-ভেটি আমি নিজৰ হাতত ৰাখিব লাগিব। নহ’লে আপোনাৰ-মোৰ মাটি বিজেপিয়ে কেতিয়া লৈ যায়, ঠিক নাই। অচিনাকি লোকৰ কথা কোৱা বিজেপিয়ে নিজেই এতিয়া অচিনাকি লোকক আশ্ৰয় দিছে। বছৰ বছৰ ধৰি অচিনাকি মানুহৰ বোজা অসমত জাপি দিব বিচাৰিছে বিজেপিয়ে। বিজপিয়ে কেৱল মাত্ৰ অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ’।  

Read More- কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেল

প্ৰতিষ্ঠা দিৱসত উদাত্ত ভাষণ দি লুৰীণজ্যোতি গগৈয়ে ক'লে- আমি অসমৰ জনগণক কথা দিছো ‘ক্ষমতাৰ স্বাৰ্থত নহয়, অসমৰ জনগণৰ ভাল আৰু সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপি হৰুৱাবলৈ অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি যুঁজিব। অসমীয়া জাতিক নিশেষ কৰিবলৈ কূটকৌশল ৰচনা কৰিছে বিজেপিয়ে। আৰু বিজেপিৰ এই ষড়যন্ত্ৰ ওফৰাই আমি অসমৰ জনগনৰ বাবে ৰাজনীতি কৰিব লাগিব, অসমৰ ভৱিষ্যতৰ বাবে ৰাজনীতি কৰিব লাগিব। মুখ্যমন্ত্ৰী আহিছে, গৈছে কিন্তু সমাজ সদায় থাকিব। গতিকে অনাদি-অনন্ত কাললৈ আমাৰ সমাজৰ বাৰেৰহনীয়া যি সংস্কৃতি, এই সংস্কৃতি ৰক্ষাৰ বাবে আমি ৰাজনীতি কৰিব লাগিব’।

Read More- অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমা

Advertisment
Advertisment