Assameseভয়ংকৰ, শোকাৱহ! পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে ২ বছৰীয়া কনমানিকভয়ংকৰ পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে এটি ২ বছৰীয়া কনমানিক। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰূপহীমুখত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়া নামৰ দম্পতীয়ে। চাৰিলেনযুক্ত পথ নিৰ্মাণত নিয়োজিত ডাম্পাৰৰ অতপালিৰ বাবেই সংঘটিত এই দুৰ্ঘটনা।Mrinmoy Talukdar Dec 18, 2025 17:24 ISTFilephotoভয়ংকৰ, শোকাৱহ! পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে ২ বছৰীয়া কনমানিকঘন কুঁৱলীৰ বাবেই ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে এটি ২ বছৰীয়া কনমানিক। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰূপহীমুখত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়া নামৰ দম্পতীয়ে। চাৰিলেনযুক্ত পথ নিৰ্মাণত নিয়োজিত ডাম্পাৰৰ অতপালিৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।AdvertismentRead More- বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ, শোকাৱহ পথ দুৰ্ঘটনা। শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু বিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়া নামৰ এক দম্পতীৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত পিতৃ-মাতৃক চিৰদিনলৈ হেৰুৱালে এটি ২ বছৰীয়া কণমানিৱে।Read More- এগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈজানিব পৰা মতে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটো নলবাৰীৰ পৰা শিৱসাগৰৰ ঘৰলৈ আহিছিল। ঘৰলৈ ওভতাৰ পথতে HR 39 2359 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে দম্পতীৰ বাহনত। ঘন কুঁৱলীৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত বিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়া নামৰ দম্পতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ লগতে গুৰতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক অৰুণজ্যোতি শীলক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে হাস্পতালত। Read More- কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নামভয়ংকৰ দুৰ্ঘটনাটোত পিতৃ-মাতৃক হেৰুৱাই চিৰদিনলৈ নিঠৰুৱা হৈ পৰিল এটি ২ বছৰীয়া কনমানি। উজনিৰ ডিমৌৰ পৰা জাজীলৈ নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথৰ ৰূপহীমুখত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যুক আঁকোৱালি লৈছিল শিৱসাগৰৰ বেতবাৰী বাকচু গাৱৰ বিপুল হাতীমূৰীয়াই। আনহাতে সংকটজনক অৱস্থাত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা চুতীয়াক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতেই মৃত্যুক আঁকোৱালি লয় নমিতা চুতীয়ায়ো। Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাবিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়াৰ অকাল মৃত্যুত শোঁকত ভাগি পৰিছে পৰিয়ালবৰ্গ। ইতিমধ্যেই দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা হাতীমূৰীয়া দম্পতীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।AdvertismentAdvertisment Read the Next Article