Assameseনিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়নআন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে। এইবাৰ ভিক্ষাৰীৰ অভিযোগত ভিন্ন দেশৰ পৰা বিতাড়ন হ'ল ৫১ হাজাৰ পাকিস্তানী। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ নাক কটা গ'ল পাকিস্তানৰ। Mrinmoy Talukdar Dec 19, 2025 16:22 ISTFilephotoআকৌ নাক কটা গ'ল পাকিস্তানৰবহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়নAdvertismentআন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে। এইবাৰ ভিক্ষাৰীৰ অভিযোগত ভিন্ন দেশৰ পৰা বিতাড়ন হ'ল ৫১ হাজাৰ পাকিস্তানী। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ নাক কটা গ'ল পাকিস্তানৰ। Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাচৰম আৰ্থিক দূৰাৱস্থাত চুবুৰীয়া দেশ পাকিস্তান। পৰিস্থিতি ইমানেই ভয়াৱহ যে পাকিস্তানী সকলে এতিয়া অন্য দেশলৈ গৈ লিপ্ত হৈছে ভিক্ষা খোজা কাৰ্যত। এই ভিক্ষা খোজা কাৰ্যত লিপ্ত পাকিস্তানীসকলে অন্য দেশসমূহৰ বাবেও হৈ পৰিছে মূৰৰ কামোৰণি। যাৰ বাবে এতিয়া এই দেশসমূহে পাকিস্তানী ভিক্ষাৰীক খেদি পঠিয়াইছে নিজ নিজ দেশৰ পৰা। তথ্য অনুসৰি বিগত ১১ মাহত ৪০খন দেশে ৫২ হাজাৰ পাকিস্তানী নাগৰিকক নিজ নিজ দেশৰ পৰা বিতাড়ন কৰিছে। Read More- চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্ববিভিন্ন দেশে বিতাড়ন কৰা এই পাকিস্তানী নাগৰিকসমূহৰ ভিতৰত অধিকসংখ্যকেই হৈছে ভিক্ষাৰী। আনহাতে সৰ্বাধিক সংখ্যক পাকিস্তানী নাগৰিকক বিতাড়িত কৰা দেশসমূহৰ ভিতৰত আছে চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী। কাটাৰ, বাহৰেইন, ওমান, কুৱেইট আদিয়েও অবৈধ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত যথেষ্ট সংখ্যক পাকিস্তানী নাগৰিকক বিতাড়িত কৰিছে।Read More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?পাকিস্তানৰ সাংবাদিক জাহিদ গিছকোৰীয়ে এক্সত কোৱা অনুসৰি, "গড় হিচাপত প্ৰতিদিনেই ১৫৫ জন পাকিস্তানীক বিভিন্ন দেশৰ পৰা বিতাড়িত কৰা হৈছে। ফেডাৰেল ইনভেষ্টিগেচন এজেন্সীৰ পৰা পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ ১১ মাহত ৪০ খন দেশৰ পৰা ৫২ হাজাৰ পাকিস্তানীক বিতাড়িত কৰা হৈছে। বিতাড়িত কৰা পাকিস্তানীসকলৰ ভিতৰত প্ৰায় ৩৪ হাজাৰ পাকিস্তানীয়েই অন্য দেশত ভিক্ষা কৰি আছিল। Read More- খং উঠিল যশপ্ৰীত বুমৰাহৰ, কাঢ়ি নিলে অনুৰাগীৰ ফোনইয়াৰ পূৰ্বে মে’ মাহত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে পাকিস্তানীসকলৰ ভিক্ষাৰ সমস্যা গুৰুতৰ হৈ পৰিছে, যাৰ বাবে পাকিস্তানীসকলে আন দেশৰ ভিছা লাভ কৰাত অসুবিধা হৈছে। তেওঁ কয় যে পাকিস্তানত প্ৰায় ২ কোটি ২০ লাখ লোক ভিক্ষাৰ লগত জড়িত, যাৰ পৰা বছৰি প্ৰায় ৪২ বিলিয়ন টকা উপাৰ্জন হয়।Read More- অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমা২০২৩ চনত তেতিয়াৰ বৈদেশিক সচিব জুলফিকাৰ হাইদৰে ছিনেট কমিটীক জনাইছিল যে বিদেশত ধৰা পৰা ভিক্ষাৰীসকলৰ প্ৰায় ৯০ শতাংশই পাকিস্তানী নাগৰিক, যিসকলক চৌদি আৰব, ইৰাক, মালয়েছিয়া, ওমান, কাটাৰ, ইউ এ ইৰ দৰে দেশত ভিক্ষা কৰি থকা দেখা গৈছিল।AdvertismentAdvertisment Read the Next Article