Assameseচিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্বদ্ৰুতগতিত ভাৰতীয় লোকে ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। শেহতীয়াকৈ লোকসভাত চৰকাৰে দাখিল কৰা পৰিসংখ্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিগত ৫ বছৰত প্ৰায় ১০ লাখ ভাৰতীয়ই ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। কিন্তু প্ৰশ্ন হৈছে কিয় ভাৰতীয় মানুহে নিজৰ নাগৰিকত্ব ত্যাগ কৰিছে ?Mrinmoy Talukdar Dec 19, 2025 16:17 ISTFilephotoচিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্বদ্ৰুতগতিত ভাৰতীয় লোকে ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। শেহতীয়াকৈ লোকসভাত চৰকাৰে দাখিল কৰা পৰিসংখ্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিগত ৫ বছৰত প্ৰায় ১০ লাখ ভাৰতীয়ই ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। কিন্তু প্ৰশ্ন হৈছে কিয় ভাৰতীয় মানুহে নিজৰ নাগৰিকত্ব ত্যাগ কৰিছে ?AdvertismentRead More- কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেলঅহৰহ ভাৰতীয়সকলে ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। বিশেষকৈ ২০২২ চনৰ পৰা এই প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হৈছে। শেহতীয়াকৈ লোকসভাত চৰকাৰে দাখিল কৰা পৰিসংখ্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা ৰিপ’ৰ্ট অনুসৰি বিগত পাঁচ বছৰত প্ৰায় ১০ লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। অৰ্থাৎ, গড় হিচাপত প্ৰতি বছৰে ২ লাখ ভাৰতীয়ই নিজৰ নাগৰিকত্ব ত্যাগ কৰিছে।Read More- কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নামনাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। গড় হিচাপে প্ৰতি বছৰে ২ লাখ ভাৰতীয়ই ত্যাগ কৰে নিজৰ নাগৰিকত্ব। এই ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰি অন্য দেশৰ নাগৰিকত্ব লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংসদত দাখিল কৰা ৰিপ’ৰ্ট অনুসৰি ক’ভিডৰ পিছৰে পৰা ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।Read More- অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমাৰিপ’ৰ্ট অনুসৰি ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত প্ৰতি বছৰে গড়ে ১ লাখ ৩০ হাজাৰ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত প্ৰতি বছৰে গড়ে ১ লাখ ৬৭ হাজাৰ ভাৰতীয়ই ত্যাগ কৰিছিল নাগৰিকত্ব। কিন্তু ক’ভিডৰ পিছৰ বছৰবোৰত অৰ্থাত ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই ৪টা বছৰত প্ৰতি বছৰে গড়ে ২ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লোকসভাত লিখিত উত্তৰত কয় যে নাগৰিকত্ব ত্যাগ কৰাৰ কাৰণসমূহ “ব্যক্তিগত” আৰু বহু লোকে “ব্যক্তিগত সুবিধাৰ বাবেই” বিদেশী নাগৰিকত্ব গ্ৰহণ কৰিছে। Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাআনহাতে ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰাৰ এটা ডাঙৰ কাৰণ হ’ল আমাৰ দেশে দ্বৈত নাগৰিকত্ব প্ৰদান নকৰে। ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৯ নং ধাৰাত কোনো ভাৰতীয়ই বিদেশী নাগৰিকত্ব লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব স্বয়ংক্ৰিয়ভাৱে বাতিল হয়। ভোটাধিকাৰ, সামাজিক সুৰক্ষা, নিষিদ্ধ বাসস্থান, চৰকাৰী চাকৰি, আৰু বিদেশত দীৰ্ঘম্যাদী স্থিতিশীলতা কেৱল নাগৰিকত্বৰ জৰিয়তেহে নিশ্চিত। ভাৰতৰ অভাৰচিজ চিটিজেন অৱ ইণ্ডিয়া (OCI) কাৰ্ডে ভিছাবিহীন ভ্ৰমণ আৰু কিছু অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰে, কিন্তু ভোটদান বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ দৰে ৰাজনৈতিক অধিকাৰ প্ৰদান নকৰে। যাৰ বাবে ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।AdvertismentAdvertisment Read the Next Article