Assameseকোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশপুনৰ অশান্ত বাংলাদেশ। ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান। Mrinmoy Talukdar Dec 19, 2025 16:26 ISTFilephotoকোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশপুনৰ অশান্ত হৈছে বাংলাদেশ। ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি জ্বলালে সংবাদ পত্ৰৰ কাৰ্যালয়, গুলীয়াই হত্যা কৰিলে সাংবাদিককো। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান। AdvertismentRead More- অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমা১২ ডিচেম্বৰত ঢাকাৰ পল্টন অঞ্চলৰ কালভাৰ্ট ৰোডত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। অট’ৰিক্সাৰে গৈ থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই গুলীচালনা কৰিছিল বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিক। লগে লগেই ওছমান হাদীক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তাৰ পিছতেই ওছমান হাদীক উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত হাস্পতালক ভৰ্তি কৰা হয়। কিন্তু দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে বিশেষ বিমানেৰে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত ছিংগাপুৰতে মৃত্যুক আঁকোৱালি লয় বাংলাদেশৰ ছাত্ৰ বিদ্ৰোহত মূল ভূমিকা গ্ৰহণ কৰা ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ। Read More- কঠোৰ প্ৰশাসন, এইবাৰ বেদখলকাৰীৰ নিস্তাৰ নাই!ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওচমান হাদিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পুনৰ অশান্ত হৈ পৰে বাংলাদেশ। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি জ্বলালে সংবাদ পত্ৰৰ কাৰ্যালয়। বাংলাদেশৰ ভাৰতৰ উপদূতাবাসতো একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে। আনহাতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ২ সংবাদপত্ৰ প্রথম আলো আৰু দ্যা ডেইলী ষ্টাৰৰ কাৰ্যালয়। Read More- কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেলজানিব পৰা মতে, অগ্নিসংযোগৰ সময়ত সংবাদপত্ৰ ২ খনৰ কাৰ্যালয় ভিতৰতে আছিল বহু সংবাদকৰ্মী। তাৰ পাছত কাৰ্যালয় ভিতৰত আবদ্ধ হৈ থকা বহু সংবাদকৰ্মীক উদ্ধাৰ কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ইয়াৰ মাজতেই খুলনাত এজন সাংবাদিকক একাংশ উত্তেজিত লোকে গুলীয়াই হত্যা কৰাৰো খবৰ আহি পৰিছে। Read More- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসীআনহাতে শ্বেখ মুজিবুৰ ৰহমানৰ ধানমণ্ডিৰ ঘৰো ভাঙি লণ্ডভণ্ড কৰে একাংশ লোকে। ৰাজশাহীতো মুজিবুৰ ৰহমানৰ ঘৰ, আৱামী লীগৰ কাৰ্যলয় তচনচ প্ৰতিবাদকাৰীৰ। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত শুনিবলৈ পোৱা গ'ল বিক্ষোভকাৰীৰ মুখত শ্বেখ হাছিনা আৰু ভাৰত বিৰোধী শ্লোগান। চট্টগ্রামত থকা ভাৰতীয় উপ-দূতাবাসলৈও লক্ষ্য কৰি ইটা-শিল নিক্ষেপ প্ৰতিবাদকাৰীৰ। নিশা ভাৰতীয় উপ-দূতাবাসৰ সন্মুখত অবস্থান কৰে শ শ ছাত্র-যুৱকে। Read More- চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্ববাংলাদেশৰ আইনশৃঙ্খলা পৰিস্থিতিৰ দ্রুত অৱনতিত লৈ উদ্বিগ্ন মহম্মদ ইউনূচৰ অন্তৱৰ্তী চৰকাৰ। শনিবাৰে ঢাকাত উচ্চ পর্যায়ৰ বৈঠক আহ্বান কৰিছে মহম্মদ ইউনূচে। বাংলাদেশবাসীক সংযত হোৱাৰ আহ্বান জনাইছে ইউনুচে শ্বৰীফ ওচমান হাদিৰ মৃত্যুক ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰে। দেশবাসীক দিয়া ভাষণত মুখ্য উপদেষ্টা মহম্মদ ইউনুছে হাদীৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।AdvertismentAdvertisment Read the Next Article