Advertisment

কঠোৰ প্ৰশাসন, এইবাৰ বেদখলকাৰীৰ নিস্তাৰ নাই!

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰিত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা। 

 Filephoto
Filephoto

কঠোৰ প্ৰশাসন, এইবাৰ বেদখলকাৰীৰ নিস্তাৰ নাই! 

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰিত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা। 

Advertisment

Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকা

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ ৰক্ষা নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ।

Read More- কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম

নগাঁৱৰ ধিঙত চলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানৰ পিছত এইবাৰ তেজপুৰৰ বুঢ়া চাপৰিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চলিব প্ৰশাসনৰ বুলড’জাৰ। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলকৃত ভূমিত উচ্ছেদ চলাবৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে শোণিতপুৰ জিলা প্ৰশাসনে।  

Read More- IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

তেজপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত 'ক্ষতিপূৰণমূলক বনানীকৰণ'ৰ বাবে আৱণ্টন দিয়া হৈছিল ৬,২০০ বিঘা ভূমি। কিন্তু এই ভূমিৰ এটা বৃহৎ অংশত বেদখলকাৰীয়ে ঘৰদুৱাৰ সাজি খেতি-বাতি কৰি দখল কৰিছিল। এই বেখলকৃত ভূমিতেই উচ্ছেদ অভিযান চলোৱাৰ বাবেই এতিয়া প্ৰস্তুত হৈছে শোণিতপুৰ জিলা প্ৰশাসনে।

Read More- বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীসকলৰ বিৰুদ্ধে হুংকাৰ দিছিল। অবৈধ বেদখলকাৰীসকলক সকীয়াই দি মুখ্যমন্ত্ৰীয়ে কৈছিল- যিকোনো মূল্যৰ বিনিময়ত চৰকাৰী ভূমি দখল কৰা বেদখলকাৰী সকলৰ পৰা ভূমি বেখলমুক্ত কৰা হ'ব। তাৰ পাছতেই উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰশাসনৰ এক্সন।

Advertisment
Advertisment