Assameseস্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকাস্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড। এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা। লক্ষাধিক টকাৰ বিদ্যুৎ বিল দেখি হতভম্ব গ্ৰাহক। লাখটকীয়া বিলৰ বাবে SDOলৈও লিখিত অভিযোগ ভুক্তভোগীৰ। Mrinmoy Talukdar Dec 20, 2025 16:37 ISTFilephotoস্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ডএমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকাস্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড। এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা। লক্ষাধিক টকাৰ বিদ্যুৎ বিল দেখি হতভম্ব গ্ৰাহক। লাখটকীয়া বিলৰ বাবে SDOলৈও লিখিত অভিযোগ ভুক্তভোগীৰ। AdvertismentRead More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?গোৱালপাৰা জিলাৰ লক্ষীপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড। ফকিৰগঞ্জৰ ধাপানপাৰাৰ চাহাব উদ্দিন নামৰ এজন ব্যৱসায়ীলৈ এমাহৰ বিদ্যুৎ বিল পঠিয়ালে ১ লাখ ২৯ হাজাৰ ৭৪ টকা। লক্ষীপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ এই কাৰ্যই হতচকিত কৰিছে এতিয়া গ্ৰাহকক। Read More- লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থালক্ষীপুৰ বিদ্যুৎ উপ-সংমণ্ডলে প্ৰেৰণ কৰিছে এই নাভুত-নাশ্ৰুত বিল। এই বিলখনে হতচকিত কৰিছে অঞ্চলবাসী গ্ৰাহকক। ৰাইজৰ মাজত একপ্ৰকাৰ এতিয়া আস্থা আৰু বিশ্বাস নোহোৱা হৈছে লক্ষীপুৰ বিদ্যুৎ উপসংমণ্ডৰ বিষয়া কৰ্মচাৰীৰ ওপৰত। Read More- নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়নউল্লেখযোগ্য যে পূৰ্বতে চাহাব উদ্দিন নামৰ লোকজনে এটা মিনি বৰফ ফেক্টৰী চলাইছিল। বৰফ ফেক্টৰী চলি থকা সময়ত চাহাব উদ্দিনৰ নামত প্ৰতিমাহে বিদ্যুৎ বিলৰ আহিছিল মাত্ৰ ২,৮০০ টকাৰ পৰা ৩,০০০ টকাৰ ভিতৰত। তদুপৰি চাহাব উদ্দিন প্ৰতিমাহে সময়মতে বিদ্যুৎ বিল পৰিশোধ কৰি আহিছে। অৰ্থাত বিদ্যুৎ বিভাগৰ ওচৰত তেওঁৰ কোনো ধৰণৰ বকেয়া ঋণ নাই। আনহাতে বৰ্তমান শীতকালৰ বাবে বৰফ ফেক্টৰীৰ কাম-কাজো সম্পূৰ্ণৰূপে বন্ধ আছে তেনেস্থলত লাখটকীয়া বিল দেখি হতভম্ব হৈছে চাহাব উদ্দিন। Read More- চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্বলাখটকীয়া বিল সন্দৰ্ভত চাহাব উদ্দিনে ইতিমধ্যেই লক্ষীপুৰ বিদ্যুৎ সংমণ্ডলৰ SDOলৈ লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগ দাখিলৰ পাছত বিভাগীয় বিষয়াই বিলৰ ৫০ শতাংশ পৰিশোধ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যদিও গ্ৰাহক চাহাব উদ্দিনে এই অযুক্তিকৰ বিল পৰিশোধ কৰিবলৈ অমান্তি হয়। লগতে বিদ্যুৎ বিভাগে অতি শীঘ্ৰেই এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সঠিক তদন্ত কৰি বাস্তৱসন্মত সমাধান নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে চাহাব উদ্দিনে।AdvertismentAdvertisment Read the Next Article