Advertisment

লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা

লিভ-ইন ৰিলেচন অবৈধ নহয়। সমাজে স্বীকাৰ নকৰিলেও লিভ-ইন ৰিলেচনত থকাটো কোনোধৰণৰ অপৰাধ নহয়। প্ৰাপ্তবয়স্কৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই। গতিকে লিভ-ইনত থকা সকলক অশান্তি কৰিলে লোৱা হ’ব বিহিত ব্যৱস্থা। 

 Filephoto
Filephoto

লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়
কোনোবাই অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা

লিভ-ইন ৰিলেচন অবৈধ নহয়। সমাজে স্বীকাৰ নকৰিলেও লিভ-ইন ৰিলেচনত থকাটো কোনোধৰণৰ অপৰাধ নহয়। প্ৰাপ্তবয়স্কৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই। গতিকে লিভ-ইনত থকা সকলক অশান্তি কৰিলে লোৱা হ’ব বিহিত ব্যৱস্থা। 

Advertisment

Read More- ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ক

লিভ-ইন ৰিলেচনক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়। প্ৰতিজন নাগৰিকে মৰ্যাদা আৰু নিৰাপত্তাৰে জীয়াই থকাৰ অধিকাৰ আছে। বিবাহ নকৰিলেও প্ৰাপ্তবয়স্কই একেলগে থকাটো অপৰাধ হ’ব নোৱাৰে। কোনোবাই লিভ-ইনত থকা দম্পতীক অশান্তি কৰিলে সেই দম্পতীক নিৰাপত্তা দিব আৰক্ষীয়ে। 

Read More- জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

এলাহাবাদ উচ্চ ন্যায়ালয়ে লিভ-ইন ৰিলেচন সন্দৰ্ভত দিছে এক বৃহৎ ৰায়৷ আদালতৰ মতে লিভ-ইন ৰিলেচনক অবৈধ বুলি ক’ব নোৱাৰি আৰু বিবাহ অবিহনে একেলগে থকাটোও অপৰাধ নহয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে কয় যে কোনো নাগৰিকৰে মৌলিক অধিকাৰ কাঢ়ি নিব নোৱাৰি। প্ৰতিজন নাগৰিককে সুৰক্ষা দিয়াটো ৰাষ্ট্ৰৰ কৰ্তব্য।

Read More- কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ

উল্লেখ্য যে লিভ-ইন ৰিলেচনত থকা ১২ গৰাকী মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে আদালতে। এই মহিলাসকলে লিভ-ইন ৰিলেচনত থকা বাবে তেওঁলোকৰ জীৱন বিপদত পৰা বুলি আৱেদন কৰিছিল।  ইয়াৰ পাছতে আদালতে সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক কোনোবাই লিভ-ইন ৰিলেচনত থকা দম্পতীৰ শান্তিপূৰ্ণ জীৱনত হস্তক্ষেপ কৰিলে তাৎক্ষণিক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

Read More- মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

ন্যায়াধীশ বিবেক কুমাৰ সিঙৰ একক বিচাৰপীঠে দিছে এই নিৰ্দেশনা। আদালতৰ মতে, "লিভ-ইন ৰিলেচনৰ ধাৰণাটো সকলোৰে বাবে গ্ৰহণযোগ্য নহ'বও পাৰে, কিন্তু ইয়াক অবৈধ বা অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।"

Advertisment
Advertisment