Advertisment

জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

নলবাৰী জিলা কাৰাগাৰৰ জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে ১৮গৰাকী কৰ্মচাৰীৰ বিস্ফোৰক অভিযোগ। কাৰাগাৰ মহাপৰিদৰ্শকলৈ বিস্ফোৰক অভিযোগ পত্ৰ জে’লৰ কৰ্মচাৰীৰ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ।

 জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ Photograph: (DY365)
জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ Photograph: (DY365)

জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ


মহাপৰিদৰ্শকলৈ বিস্ফোৰক অভিযোগ পত্ৰ


নলবাৰী জিলা কাৰাগাৰৰ জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে ১৮গৰাকী কৰ্মচাৰীৰ বিস্ফোৰক অভিযোগ। কাৰাগাৰ মহাপৰিদৰ্শকলৈ বিস্ফোৰক অভিযোগ পত্ৰ জে’লৰ কৰ্মচাৰীৰ।

Advertisment

নলবাৰী জিলা কাৰাগাৰৰ জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন। এইবাৰ কয়েদী অথবা হাজোতীৰ অভিযোগ নহয়। এইবাৰ এই বিস্ফোৰক অভিযোগ তুলিছে জিলা কাৰাগাৰখনিৰ কৰ্মচাৰীয়ে। নলবাৰী জিলা কাৰাগাৰৰ ১৮গৰাকী কৰ্মচাৰীয়ে আনিছে বিস্ফোৰক অভিযোগ

নলবাৰী জিলা কাৰাগাৰৰ জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আনিছে ১৮গৰাকী কৰ্মচাৰীয়ে। কাৰাগাৰখনিৰ ১৮গৰাকী কৰ্মচাৰীয়ে লিখিত অভিযোগ দাখিল কৰিছে জিলা আয়ুক্তক। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়ম আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ তুলি ৰাজ্যৰ কাৰাগাৰ মহাপৰিদৰ্শক, কাৰাগাৰ উপ-মহাপৰিদৰ্শক আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱালৈ অভিযোগৰ কপি প্ৰেৰণ কৰি জেইলৰ শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। জেইলৰ জ্যোতি প্রকাশ শৰ্মাৰ অত্যাচাৰৰ বাবে কাৰাগাৰৰ কৰ্মচাৰীসকলে ভালদৰে কৰ্তব্য পালন কৰিব পৰা নাই বুলিও আনিছে বিস্ফোৰক অভিযোগ।

জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাই কার্যালয়ত অনিয়মিত উপস্থিতি আৰু কাৰাগাৰৰ কোৱাৰ্টাৰত নাথাকি ৰঙিয়াৰ গৃহৰ পৰা কাৰাগাৰ পৰিচালনা কৰি অহাৰো অভিযোগ তুলিছে কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলে বিভিন্ন প্ৰামাণিক তথ্য সহকাৰে এই অভিযোগ পত্ৰ দাখিল কৰিছে জিলা আয়ুক্তৰ ওচৰত। কাৰাগাৰৰ কোৱাৰ্টাৰত নাথাকি নিশা কাৰাগাৰ বন্ধ কৰিয়েই ৰঙিয়াৰ নিজ বাসভৱনলৈ গুচি যোৱাৰ ফলত কাৰাগাৰখনিত বিভিন্ন বিশৃংখলতাই দেখা দিয়াৰো অভিযোগ কৰ্মচাৰীসকলৰ। নিজৰ ইচ্ছামতে জেইলৰগৰাকীয়ে কাৰাগাৰলৈ অহা-যোৱা কৰাৰ অভিযোগ তুলি কৰ্মচাৰীসকলে কয়, তেওঁ চাৰি, পাঁচদিনৰ চহী একেদিনাই কৰি আহিছে যোৱা দুটা বছৰে। নিজৰ পিতৃ-মাতৃৰ বেমাৰ তথা চিকিৎসাৰ বাবেও কৰ্মচাৰীসকলক ছুটী নিদিয়ে জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাই। 

যোৱা দুটা বছৰে জেইলৰগৰাকীৰ কাম-কাজত চৰম অতিষ্ঠ হৈ পৰাৰ অভিযোগ তুলি এই সমূহীয়া অভিযোগ দাখিল কৰিছে কৰ্মচাৰীসকলে। নিতৌ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ অহা কৰ্মচাৰীসকলক জেইলৰ শৰ্মাই লগুৱাৰ দৰে ব্যৱহাৰ কৰি অহাৰো অভিযোগ অভিযোগ পত্ৰত। কাৰাগাৰত আয়োজিত কালীপূজাৰ ৰাহি হোৱা ২৪ হাজাৰ টকাৰ হিচাপ নিদিয়াকৈ আত্মসাৎ কৰাৰো অভিযোগ আনিছে কৰ্মচাৰীসকলে।

জিলা কাৰাগাৰখনত চলি অহা অবাধ দুর্নীতি আৰু অৱহেলাৰ বাবে যোৱা ৩০ নৱেম্বৰত জে’লৰ পৰা এজন হাজোতীয়ে পলায়ন কৰিছিল। অৱশেষত কেইজনমান কৰ্মচাৰীয়ে পলায়ন কৰা হাজোতীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দুই, চাৰিজন কয়েদীক হাতৰ মুঠিত ৰাখি জিলা কাৰাগাৰখনত যোৱা দুটা বছৰে জেইলৰগৰাকীয়ে কমিছনৰাজ চলোৱাৰ অভিযোগ আনি শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অভিযোগকাৰী কৰ্মচাৰীসকলে। কাৰাগাৰৰ ভিতৰত কয়েদীৰ জৰিয়তে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰা ধন কি কামত ব্যৱহাৰ কৰা হৈছে তাৰ কোনো হিচাপ নাপাই কৰ্মচাৰীসকলে। কয়েদীসকলক চৰকাৰীভাৱে আগবঢ়োৱা মাননিও জেইলৰগৰাকীয়ে হৰলুকি কৰাৰ অভিযোগ তুলি তদন্তৰ দাবী জনাইছে।

ইফালে কাৰাগাৰত থকা কয়েদী-হাজোতীক সাক্ষাৎ কৰিবলৈ অহা লোকৰ পৰাও ধন সংগ্ৰহৰ অভিযোগ এইসকল কৰ্মচাৰীৰৰ। আলতাফ হুছেইন, নাজিৰ আলী আৰু ৰিতাদুল আলী নামৰ তিনি কয়েদীৰ জৰিয়তে ছিণ্ডিকেটৰাজ চলাই অহাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰ্মচাৰীসকলৰ। 

নিজকে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ খাচ মানুহ বুলি দম্ভালি মাৰি কাৰাগাৰখনিৰ কৰ্মচাৰীসকলক প্ৰায়েই ভীতিগ্ৰস্ত কৰি অহাৰো অভিযোগ। জেইলৰ শৰ্মাৰ বিৰুদ্ধে মাত মাতিলেই চাকৰি খোৱাৰ ভাবুকি দি অহা বুলি লিখিত অভিযোগত উল্লেখ কৰিছে কৰ্মচাৰীসকলে। ইফালে কাৰাগাৰখনিৰ কাৰাবন্দীসকলৰ বাবে খাদ্য যোগান ধৰা খাদ্য যোগনীয়াৰ সকলকো বিল পাছ কৰাৰ নামত চৰম হাৰাশাস্তি কৰাৰ অভিযোগ আহিছে। অভিযোগ মতে, আগতীয়াকৈ কমিছন নাপালে জেইলৰগৰাকীয়ে খাদ্য যোগানৰ বিলত স্বাক্ষৰ নকৰাৰো বিস্ফোৰক অভিযোগ। মুঠৰ ওপৰত মন্ত্ৰীৰ খাচ মানুহ বুলি জহাই ফুৰি জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাই নলবাৰী জিলা কাৰাগাৰখনিক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অহাৰো অভিযোগ।

জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাই নলবাৰী জিলা কাৰাগাৰত চলাই অহা দুৰ্নীতি-অনিয়ম সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তৰ জৰিয়তে কাৰাগাৰ বিভাগৰ মহাপৰিদৰ্শক আৰু উপ-মহাপৰিদৰ্শকৰ ওচৰত দাবী জনাইছে নলবাৰী জিলা কাৰাগাৰৰ ১৮গৰাকী কৰ্মচাৰীয়ে।

Advertisment
Advertisment