Advertisment

আমজেদ আলীয়ে দেখুৱালে সততা

শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী মহিলাই আমজেদ আলীৰ সততাৰ বাবে ঘুৰাই পালে হেৰুওৱা টকাৰ বেগ। শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া দেৱন্তী দেৱীয়ে ট্রেকাৰত এৰি গৈছিল টকাৰ বেগ। দৰিদ্ৰ মহিলাগৰাকীক বেগটো ঘূৰাই দিয়ে আমজেদ আলীয়ে।

 Filephoto
Filephoto

আমজেদ আলীয়ে দেখুৱালে সততা
উভতাই দিলে ট্রেকাৰত পোৱা দৰিদ্ৰ দেৱন্তী দেৱীৰ টকা

Advertisment


শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী মহিলাই আমজেদ আলীৰ সততাৰ বাবে ঘুৰাই পালে হেৰুওৱা টকাৰ বেগ। নাৰেংগীৰ কলংপাৰ বজাৰত শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া দেৱন্তী দেৱীয়ে ট্রেকাৰত এৰি গৈছিল টকাৰ বেগ। টকাৰ বেগটো পাইছিল আমজেদ আলীয়ে। তাৰ পাছতেই দেৱন্তী দেৱীৰে যোগাযোগ কৰি দৰিদ্ৰ মহিলাগৰাকীক বেগটো ঘূৰাই দিয়ে আমজেদ আলীয়ে। 


ঘটনাটো আছিল এনেকুৱা-

মহানগৰীৰ চুনচালিৰ ৰামসিং চাপৰিৰ বাসিন্দা দৰিদ্ৰ দেৱন্তী দেৱীয়ে নাৰেংগীৰ কলংপাৰ বজাৰত শাক পাচলি বিক্ৰী কৰি পৰিয়াটোক পোহ পাল দিয়ে। কালি বিয়লি শাক পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীয়ে  শাক পাচলি বিক্ৰী কৰি নাৰেংগীত ট্রেকাৰত উঠি বামুনীমৈদামৰ অভিমুখে গৈ আছিল। বামুনীমৈদামৰ আস্থানত ট্রেকাৰৰ পৰা নামি দেৱন্তী দেৱীয়ে বজাৰলৈ যায়। ট্রেকাৰখন গৈ অনুৰাধাত উপস্থিত হোৱাত একেখন গাড়ীৰ যাত্ৰী আমজেদ আলীয়ে ছিটত এটা মানি বেগ দেখা পাই কাৰ বুলি প্ৰশ্ন কৰে। তেতিয়া এজন সহযাত্ৰীয়ে তেওঁৰ বেগ বুলি দাবী কৰিছিল। কিন্তু আমজেদ আলীয়ে টকাৰ বেগটো নিজৰ অধীনলৈ আনি মানি বেগটো বামুনীমৈদামৰ আস্থানত ট্রেকাৰৰ পৰা নামি যোৱা মহিলা গৰাকীৰ বুলি কৈ ট্রেকাৰখনৰ নামি মহিলা গৰাকীক বিচাৰি যায়। কিন্তু মহিলা গৰাকীক কতো বিচাৰি নাপালে। শেহতীয়াকৈ আমজেদ আলীয়ে টকাৰ বেগটো খুলি ভিতৰৰ পৰা নগদ 4660 টকা, দুটা ছাবি আৰু এটা ফোন নম্বৰ লাভ কৰে। এই নম্বৰত ফোন কৰি আমজেদ আলীয়ে টকাৰ বেগটো দেৱন্তী দেৱীৰ বুলি নিশ্চিত হয়। আজি পুৱাৰ ভাগত আমজেদ আলীয়ে নাৰেংগীৰ কলংপাৰ বজাৰলৈ আহি দৰিদ্ৰ শাক পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীক টকাৰ বেগটো ঘূৰাই দিয়ে। টকাৰ বেগটো লাভ কৰি মহিলা গৰাকীয়ে আমজেদ আলীক কৃতজ্ঞতা প্ৰকাশ কৰে। নাৰেংগীৰ কলংপাৰ বজাৰৰ ব্যৱসায়ী সকলেও আমজেদ আলীৰ সততা আৰু মানৱতাৰ কামৰ বাবে শলাগ লয়।

Advertisment
Advertisment