Advertisment

নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড !

শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানিলে পদ্ম অলি শৰ্মাই!নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড। শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ।

 Filephoto
Filephoto

নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড !

শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানিলে পদ্ম অলি শৰ্মাই!নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড।  শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ। 

Advertisment

নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড।  জুবিনৰ ভিডিঅ’ দেখুওৱাম বুলি যৌনগন্ধী চিত্ৰ দেখুওৱাৰো অভিযোগ শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে। পঞ্চম শ্ৰেণীৰ ভুক্তভোগী ২ ছাত্ৰীয়ে পৰিয়ালক অৱগত কৰে এই কথা।  প্ৰায় ৬০ বছৰীয়া পদ্ম অলি শৰ্মাৰ কাণ্ডক লৈ ওদালগুৰিত উত্তেজনা।  ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে শিক্ষক পদ্ম অলি শৰ্মাৰ বাসগৃহ।  ওদালগুৰি ৰৌতা ষ্টেচনৰ সমীপৱৰ্তী অলিগাঁৱত এই চাঞ্চল্যকৰ ঘটনা।  সম্প্ৰতি পলাতক অৱস্থাত গণিতৰ শিক্ষক পদ্ম অলি শৰ্মা।  

ঘটনা অনুসৰি ৰৌতাৰ ৫ নং ধনশ্রী প্রাথমিক বিদ্যালয়ৰ অংক শিক্ষক পদ্ম অলি শর্মাৰ বিৰুদ্ধে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ দুগৰাকী ছাত্ৰীৰ গোপন অংগত স্পর্শ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।  ইমানেই নহয়, *নিজৰ মোবাইলত জুবিন গাৰ্গৰ ভিডিঅ' দেখুওৱাৰ চলেৰে যৌন গন্ধী ছবি ছাত্রীক দেখুওৱাৰ অভিযোগ প্রায় ৬০ বছৰ বয়সৰ অংক শিক্ষক পদ্ম অলি শর্মাৰ বিৰুদ্ধে ।  প্রায় ৩ দিন ধৰি দুই ছাত্ৰীয়ে বিদ্যালয়লৈ যাবলৈ ইচ্ছা প্রকাশ কৰা নাছিল ।  পাছত পৰিয়ালৰ লোকে জোৰ কৰি সোধাত অংক শিক্ষক শৰ্মাৰ এনে নির্লজ্য কৰ্মকাণ্ডৰ কথা পৰিয়ালৰ আগত বিবৰি কয় দুই নাবালিকা ছাত্ৰীয়ে। ঘটনাৰ পাছতেই গাঁৱত হুলস্থুল হোৱাত প্রথমে গাঁওবাসী একত্রিত হৈ শিক্ষক পদ্ম অলি শর্মাক বিচাৰি যায় বিদ্যালয়লৈ ।  বিদ্যালয়ত শিক্ষক পদ্ম অলি শৰ্মাই উপস্থিত নথকাত গাঁওবাসীয়ে শিক্ষকজনক আবেলি স্থানীয় ক্লাব ঘৰলৈ মাতি পঠিয়ায়।  কিন্তু স্থানীয় ক্লাবত উপস্থিত নোহোৱাৰ পাছতেই নিশা গাওঁবাসীয়ে গৈ ভিৰ কৰে অংক শিক্ষক পদ্ম অলি শর্মাৰ বাসগৃহত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ৰৌতা আৰক্ষী ।  সেই সময়ত ঘৰত উপস্থিত নাছিল অভিযুক্ত শিক্ষক গৰাকী ।  সম্প্রতি পলাতক অৱস্থাত আছে অভিযুক্ত শিক্ষক পদ্ম অলি শর্মা ।   আৰক্ষীয়ে  দুই নাবালিকাক অতিৰিক্ত প্রমান যুগুতাবৰ বাবে পৰিয়ালৰ স'তে লৈ আহে আৰক্ষী থানালৈ।  এগৰাকী ৬০ বছৰীয়া এগৰাকী শিক্ষকৰ এনে নির্লজ্য চৰিত্ৰই হতচকিত কৰিছে সকলোকে ।  অতিশীঘ্রে অভিযুক্ত শিক্ষক পদ্ম অলি শর্মাৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে । 

Advertisment
Advertisment