Assameseসৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদীসৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদী। দলীয় কাৰ্যসূচী বাদ দিয়ো ২০১৪ চনৰ পৰা ১৮বাৰ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই সময়ছোৱাত ২৮টা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। Jyotiprasad Sarma Dec 20, 2025 20:00 ISTসৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদী Photograph: (DY365)সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদীসৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদী। দলীয় কাৰ্যসূচী বাদ দিয়ো ২০১৪ চনৰ পৰা ১৮বাৰ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই সময়ছোৱাত ২৮টা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। Advertismentমেন্দিপথাৰ–গুৱাহাটী ৰে’লসেৱা মুকলি কৰিবলৈ প্ৰথমবাৰ অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে ১১বাৰ, উজনি অসমলৈ ৬বাৰ আহিছে মোদী, কোকৰাঝাৰলৈ এবাৰ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ চনত অসমলৈ এবাৰ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী২০১৬ চনত তিনিবাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী২০১৭ চনত ২ বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০১৮ চনত ২ বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী২০২০ চনত এবাৰ, ২০২১ত ২ বাৰ, ২০২২ত এবাৰ আহিছে নৰেন্দ্ৰ মোদী২০২৩ চনত এবাৰ, ২০২৪ চনত ২বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীআৰু ২০২৫ চনত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে তিনিবাৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বৰঝাৰত ৰাজ্যপালেও আদৰণি জনালে প্ৰধানমন্ত্ৰীগৰাকীক। বৰঝাৰত উপস্থিত থাকে উদ্যোগপতি গৌতম আদানিও।Also Read: চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড!প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল। মুকলি কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও। ইয়াৰ পিছতে বৰঝাৰ বিমান বন্দৰত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সভাৰ পিছতে বৰঝাৰৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব’ত অংশ লয় প্ৰধানমন্ত্ৰীয়ে।নিশাটো কইনাধৰাত কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ অৰ্থাৎ ২১ ডিচেম্বৰৰ পুৱা ৮ বজাত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপত মিলিত হ'ব মোদী। ব্ৰহ্মপুত্ৰৰ বুকুত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৪০ মিনিটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ২৫গৰাকী শিক্ষাৰ্থীয়ে। এই অনুষ্ঠানৰ পিছতেই বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব মোদী। তাৰ পিছতে ডিব্ৰুগড় আৰু নামৰূপলৈও যাব প্ৰধানমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ত অনুষ্ঠান সামৰি পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰা মাৰিব দিল্লীলৈ। Also Read: স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকাউল্লেখ্য যে, জানুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ফেব্ৰুৱাৰীত গুৱাহাটী–উত্তৰ গুৱাহাটী দলং মুকলি কৰিব মোদীয়ে। বৰঝাৰৰ জনসভাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। AdvertismentAdvertisment Read the Next Article