Advertisment

আকাশ চুলে আকাশীযানৰ টিকটে

ইণ্ডিগ' বিমানসেৱাক লৈ দেশজুৰি অচলাৱস্থা। ইণ্ডিগ’ৰ বিমান বাতিলৰ ‘অনৈতিক’ সুযোগ লৈছে অন্য বিমান সংস্থাই। বৰ্তমান আকাশলংঘী হৈছে বিমান টিকটৰ মূল্য।

 Filephoto
Filephoto

আকাশ চুলে আকাশীযানৰ টিকটে


ইণ্ডিগ' বিমানসেৱাক লৈ দেশজুৰি অচলাৱস্থা। ইণ্ডিগ’ৰ বিমান বাতিলৰ ‘অনৈতিক’ সুযোগ লৈছে অন্য বিমান সংস্থাই। বৰ্তমান আকাশলংঘী হৈছে বিমান টিকটৰ মূল্য।

Advertisment

Read More- অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম

ইণ্ডিগ' বিমানসেৱাক লৈ দেশজুৰি অচলাৱস্থা। DGCAই প্ৰত্যাহাৰ কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিমানকৰ্মীৰ সাপ্তাহিক জিৰণি সম্পৰ্কীয় নিৰ্দেশনা প্ৰত্যাহাৰ। বিমান সেৱাত অচলাৱস্থা সৃষ্টি হোৱাৰ বাবে প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা।

Read More- কাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড!

উল্লেখনীয় চতুৰ্থ দিনৰ বাবে চৰম হাৰাশাস্তিৰ মুখত বিমানযাত্ৰী। ইণ্ডিগ' বিমানৰ সংকটক লৈ ৰাজনৈতিক বাদ-বিবাদো তুংগত। দিল্লী বিমানবন্দৰৰ পৰা সকলো ইণ্ডিগ' ফ্লাইট বাতিল কৰা হৈছে। আজি মাজনিশালৈ বাতিল হৈছে ইণ্ডিগ' বিমানৰ সেৱা। চেন্নাই বিমানবন্দৰৰ পৰাও দিনটোৰ বাবে বাতিল ইণ্ডিগ’ৰ সেৱা।

Read More- জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি

ইণ্ডিগ’ৰ সংকটত সামগ্ৰিকভাবে প্ৰভাৱিত হৈছে বিমানসেৱা। বিমানবন্দৰত আবদ্ধ যাত্ৰীৰ মজত দেখিবলৈ পোৱা গৈছে দুৰৱস্থা। ঘন্টাৰ পিছত ঘন্টা বিমানবন্দৰতে আবদ্ধ হৈ পৰিছে সহস্ৰাধিক যাত্ৰী। ইণ্ডিগ’ৰ বিমান বাতিলৰ ‘অনৈতিক’ সুযোগ লৈছে অন্য বিমান সংস্থাই। আকাশলংঘী হৈছে বিমান টিকটৰ মূল্য। DGCAৰ নতুন নিৰ্দেশনাৰ পিছতে সংকটৰ মুখত পৰে ইণ্ডিগ’ কৰ্তৃপক্ষ। পৰ্যাপ্ত সংখ্যক পাইলট, বিমানকৰ্মী নথকাৰ বাবে সংকটত পৰিছে এতিয়া ইণ্ডিগ'।

Read More- ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি

খবৰ অনুসৰি দুপৰীয়ালৈকে দিল্লী বিমানবন্দৰৰ পৰা ৯৫খন ইণ্ডিগ’ৰ বিমান, মুম্বাইৰ পৰা ৮৫খন, হায়দৰাবাদৰ পৰা ৭০খন, বেংগালুৰুৰ পৰা ৫০খন বিমান বাতিল কৰা হৈছে। ইয়াৰ লগতে দেশৰ আন আন বিমানবন্দৰতো বৃহৎ সংখ্যক বিমান বাতিল কৰা হৈছে। 

Read More- কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

ইণ্ডিগ' সংকটৰ মাজতে আকাশলংঘী হৈছে বিমান ভাড়া। ইণ্ডিগ' বিমানৰ অচলাৱস্থাৰ সুযোগ লৈছে অন্য বিমান সেৱা সংস্থাই। অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে বিমানৰ টিকটৰ দাম। গুৱাহাটী-বেংগালুৰু বিমানৰ স্বাভাৱিক টিকটৰ দাম ১০-১৩ হাজাৰ টকা। কিন্তু বৰ্তমান ৬ ডিচেম্বৰৰ টিকটৰ দাম বৃদ্ধি হৈ হ’লগৈ ৭৫ হাজাৰ টকা। গুৱাহাটী-চেন্নাই বিমানৰ স্বাভাৱিক টিকটৰ দাম ৮-১২ হাজাৰ টকা কিন্তু ৮-১২ হাজাৰ টকীয়া টিকটৰ বৰ্তমানৰ দাম হ’লগৈ ৪৮ হাজাৰ টকা। গুৱাহাটী-মুম্বাই বিমানৰ ১০ হাজাৰ টকীয়া টিকটৰ দামো হ’লগৈ ৪৮ হাজাৰ টকা। গুৱাহাটী-দিল্লীৰ বিমানৰ স্বাভাৱিক টিকটৰ দাম ৭-৮ হাজাৰ টকা কিন্তু ৬ আৰু ৭ ডিচেম্বৰত এই টিকটৰ দাম হ’লগৈ ২৫ হাজাৰ টকা। গুৱাহাটী-কলকাতাৰ ৫ হাজাৰ টকীয়া টিকট হ’লগৈ ১৭ হাজাৰ টকা। গুৱাহাটী-হায়দৰাবাদৰ স্বাভাৱিক টিকটৰ দাম ৮-১১ হাজাৰ টকা কিন্তু বৰ্তমানৰ টিকটৰ মূল্য বৃদ্ধি হৈ হ’লগৈ ৫৫ হাজাৰ টকা।

Advertisment
Advertisment