Advertisment

কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

জুইত জ্বলি ছাই হৈ পৰে এজন ব্যক্তিৰ পাকঘৰ। যোগাযোগ কৰিও নাপালে অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাৰ অভিযোগ!

 কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

জুইত জ্বলি ছাই হৈ পৰে এজন ব্যক্তিৰ পাকঘৰ। যোগাযোগ কৰিও নাপালে অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাৰ অভিযোগ!

Advertisment

গুৱাহাটী, ০৫ ডিচেম্বৰঃ ত্ৰিপুৰাৰ ছিপাহিজলা জিলাৰ মেলাঘৰ কলমখেটৰ ২নং ৱাৰ্ডৰ মধ্যপাৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত এজন লোকৰ পাকঘৰ জ্বলি ছাই হৈ পৰে। অভিযোগ উত্থাপন হৈছে যে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

also read: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

অগ্নিকাণ্ডক লৈ চাৰিবাৰকৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক ফোন কৰাৰ পিছতো ফোন ৰিচিভ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। জানিব পৰা মতে, কাঠেৰে ৰন্ধা-বঢ়া কৰি চৌকাত কিছু বাকী থকা জুইৰ পৰা পাকঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। 

also read: আমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপজাতিৰ

প্ৰথম অৱস্থাত ঘৰৰ এগৰাকী মহিলাই জুই দেখি চিঞৰিবলৈ ধৰে। গাঁৱৰ আটাইকেইজন মানুহে একত্ৰিত হৈ বহু চেষ্টাৰ অন্তত কোনোমতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও পাকঘৰটো জ্বলি ছাই হৈ পৰে। কিন্তু, অতি দুৰ্ভাগ্যজনভাৱে যি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক চৰকাৰে প্ৰতিমাহে দৰমহা দি ৰাইজৰ সেৱা আগবঢ়ায়, সেই অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক স্থানলৈ আহিবলৈ ৬৯০৯৯২৯০০৫ নম্বৰত চাৰিবাৰ ফোন কৰিও কোনে সুফল নাপালে ভুক্তভোগীয়ে। কিয়নো অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ৰিচিভ নকৰিলে অগ্নিত জাহ যোৱা পৰিয়ালটোয়ে সহায় বিচাৰি কৰা ফোন। 

also read: অসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন

প্ৰশ্ন উত্থাপন হয়, যদি কোনো বৃহৎ দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন তেন্তে তাৰ সম্পূৰ্ণ দায়িত্ব মেলাঘৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ল'লেহেঁতেন নে?

Advertisment
Advertisment