Assameseআমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপ-জনগোষ্ঠীৰচাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ। Naba Gogoi Dec 05, 2025 12:54 ISTচাহ জনগোষ্ঠীক ভূমি পট্টা দিয়াক লৈ গৰজি উঠিল উপ-জনগোষ্ঠী জলহাগুৱাহাটী, ০৫ ডিচেম্বৰঃ চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ। Advertismentঅসম বিধানসভাৰ শীতকালীন অধিৱেশনত চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ ১০টা উপজাতিক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছিল চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত। কিন্তু প্ৰায় ২৬টা উপজাতিৰে সংপৃক্ত হৈ থকা চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ কেৱল ১০টা উপজাতিক ভূমি পট্টা প্ৰদান কৰাৰ খবৰে অন্যান্য ১৬টা উপজাতিৰ লোকক এতিয়া অনিশ্চয়তাৰ দিশে ঠেলি দিছে।also read: কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল ডিকমৰ নাদুৱা চাহ বাগিচাত চাহ জনগোষ্ঠীৰ অন্যতম উপজাতি অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ 'জলহা' লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদমাধ্যমৰ জৰিয়তে। ভূমি পট্টা প্ৰদানৰ পৰা বঞ্চিত হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে জলহা জাতিৰ লোকসকলে। তেওঁলোকে দাবী কৰি কয় যে, সমগ্ৰ অসমৰ বিভিন্ন চাহ বাগিচাত প্ৰায় ১ লাখৰো অধিক জলহা লোকে বসবাস কৰি আছে। অন্যান্য উপজাতিসমূহৰ দৰে জলহা জাতিকো ভূমি পট্টা প্ৰদানৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। উক্ত দাবী পূৰণ কৰিবলৈ জলহা' উপজাতিয়ে চৰকাৰক আহ্বান জনাইছে। also read: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?যদি চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰাৰ লগতে জলহা লোকসকলক এৰি চলে তেন্তে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী লোকে।AdvertismentAdvertisment Read the Next Article