Advertisment

জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি

হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।

 জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি

হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা

জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।

Advertisment

গুৱাহাটী, ০৫ ডিচেম্বৰঃ জুবিন গাৰ্গৰ অনুপস্থিতি আজিও উপলব্ধি কৰে ৰাজ্যবাসীয়ে। জুবিন কোন, জুবিন কি আছিল সেয়া সকলোৱে জানে যদিও জুবিন গাৰ্গক অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। সাংস্কৃতিক উপলব্ধিৰ লগতে জুবিন গাৰ্গক লৈ বৌদ্ধিক আন্দোলন কৰাৰো প্ৰয়োজনীয়তা আহি পৰিছে। হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন আৰু সুদুৰপ্ৰসাৰী কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।

সামাজিক মাধ্যমত অব্যাহত আছে #JusticeforZubeenGarg আন্দোলন। তাৰ সমান্তৰালকৈ আন এক আন্দোলন আৰম্ভ হ'বলৈ গৈ আছে। সেয়া হৈছে জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণাৰ জৰিয়তে বৌদ্ধিক আন্দোলন। জুবিন গাৰ্গে ৰচনা কৰা বহু গীতৰ কলি কিমান গভীৰ আৰু অৰ্থবহ আছিল তাৰ বাবেই এই অন্বেষণ। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা পিনাকী দাসৰ বিশেষ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি। পিনাকী দাসৰ নেতৃত্বত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ তথা কন্ঠশিল্পী অনিমেষ শইকীয়াই আগবঢ়াইছে গ্ৰন্থখনৰ প্ৰস্তুতিৰ কাম।

ALSO READ: কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

জুবিন গাৰ্গে সম্পূৰ্ণ নিজে লিখা আৰু সুৰ কৰা গীতসমূহৰ অধ্যয়ন কৰি লিখা হ’ব এই বিশেষ পুথি। এই গ্ৰন্থখন প্ৰকাশ পালে অদূৰ ভৱিষ্যতে জুবিন গাৰ্গৰ গীতক লৈ গৱেষণা কৰিবলৈ এক সুযোগ পাব ভৱিষ্যৎ প্ৰজন্মই। জুবিন গাৰ্গে সম্পূৰ্ণ নিজাকৈ লিখা গীত¸ সুৰ কৰা গীতসমূহক লৈ এক বিশেষ পুথি প্ৰস্তুত কৰি থকা হৈছে। য’ত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা পিনাকী দাসৰ নেতৃত্বত কন্ঠশিল্পী অনিমেষ শইকীয়া জড়িত হৈ এই প্ৰকল্পত আগভাগ লৈছে।

ALSO READ: ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি

এইক্ষেত্ৰত পৰিচালক-শিল্পী শশাংক সমীৰ¸গীতিকাৰ-কন্ঠশিল্পী দিগন্ত ভাৰতীৰো বিশেষ সহযোগিতা আগবঢ়াইছে। উল্লেখ্য যে¸ শেহতীয়াকৈ ৫৪খন মহাবিদ্যালয়ৰ ভিতৰত কলিয়াবৰ মহাবিদ্যালয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালত অনুষ্ঠিত আন্তঃমহাবিদ্যালয়ৰ যুৱ মহোৎসৱত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল। শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল মহাবিদ্যালয়খনৰ ছাত্ৰ তথা গ্ৰন্থখনৰ দায়িত্বত থকা অনিমেষ শইকীয়াই। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ উদ্যোগত প্ৰকাশ পাবলগীয়া এই গ্ৰন্থখন জুবিন গাৰ্গৰ গীতৰ গৱেষণাৰ ক্ষেত্ৰত বাটকটীয়া গ্ৰন্থ হিচাপে চিহ্নিত হ’বলৈ গৈ আছে।

Advertisment
Advertisment