Assameseকাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড!অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক্সন মুডত বিধায়িকা সুমন হৰিপ্ৰিয়া। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে হাজো প্ৰশাসনে আৰম্ভ কৰিছে চাৰিখনকৈ গ্ৰেজিং ৰিৰ্জাভত তদন্ত। বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া। শীঘ্ৰেই জাৰি কৰা হ'ব উচ্ছেদৰ জাননী।Naba Gogoi Dec 05, 2025 14:28 ISTঅবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক্সন মুডত বিধায়িকা সুমন হৰিপ্ৰিয়াবেদখলকাৰীক ছত্ৰভংগ দিয়াবলৈ সাজু হৈছে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। মুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে হাজো প্ৰশাসনে ইতিমধ্যে চাৰিখনকৈ গ্ৰেজিং ৰিৰ্জাভত চলাইছে চৰজমিন তদন্ত। এই চৰজমিন তদন্তত ৰিজাৰ্ভ কেইখনত সন্দেহজনক লোকে ঘৰ সাজি খেতি-বাতি কৰাৰ তথ্য পোহৰলৈ আহিছে। ১নং, ২নং, ৩নং আৰু ৪নং দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ অধিকাংশ ভূমিতেই সন্দেহযুক্ত লোকে বাসস্থান সাজি কৰিছে কৃষিকাৰ্য।AdvertismentALSO READ: কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...যাৰ ফলত ফলত হাজো, বামুন্দী আদি অঞ্চলৰ খিলঞ্জীয়া কৃষকসকলে ৰিজাৰ্ভখনত গৰু, মʼহ পালনত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনে চলোৱা চৰজমিন তদন্তৰ পিছতে এতিয়া গো-মহ পালক সকলৰ সৈতে মত-বিনিময় কৰি মিঞাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া। চাৰিখনকৈ গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ১২ হাজাৰ বিঘা ভূমিত পুনৰ চলিব উচ্ছেদ অভিযান। উচ্ছেদৰ জাননী জাৰি কৰা হ'ব অতি শীঘ্ৰেই। এই কথা সংবাদ মাধ্যমৰ সন্মুখত জনালে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।ALSO READ: ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণিAdvertismentAdvertisment Read the Next Article