Advertisment

চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড!

চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! স্কুলীয়া ছাত্ৰক বলপূৰ্বকভাৱে ৬ জনীয়া যুৱকৰ দলে চাৰিচকীয়া বাহনত উঠাই লৈ গৈ কাণত ধৰাই উঠা-বহা কৰোৱাৰ গুৰুতৰ অভিযোগ। ৬ জনীয়া যুৱকৰ দলে ছাত্ৰজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন। 

 চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! Photograph: (DY365)
চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! Photograph: (DY365)

চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড!


স্কুলীয়া ছাত্ৰক ৬ জনীয়া যুৱকৰ দলে প্ৰহাৰৰ অভিযোগ  

চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! স্কুলীয়া ছাত্ৰক বলপূৰ্বকভাৱে ৬ জনীয়া যুৱকৰ দলে চাৰিচকীয়া বাহনত উঠাই লৈ গৈ কাণত ধৰাই উঠা-বহা কৰোৱাৰ গুৰুতৰ অভিযোগ। ৬ জনীয়া যুৱকৰ দলে ছাত্ৰজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন। 

Advertisment

Also Read: স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

দৰঙৰ দলগাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খাৰপুৰী হাবি গাঁৱত সংঘটিত এই ঘটনা। খবৰ অনুসৰি, স্কুলীয়া ছাত্ৰক বলপূৰ্বকভাৱে চাৰিচকীয়া বাহনত উঠাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ৬ জনীয়া যুৱকৰ দলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া খাৰপুৰী হাবি গাঁৱৰ ছাত্ৰ ৰেজাউল হকক ৬ জনীয়া যুৱকৰ দলে উঠাই লৈ যায়। ঘৰৰ কাষৰ ৰাস্তাৰ পৰা যুৱকৰ দলে ৰেজাউল হকক AS01 FW1232 নম্বৰৰ ৱেগন'আৰ বাহনত বলপূৰ্বকভাৱে উঠাই লৈ খাৰুপেটীয়াৰ টাউন ফিল্ডলৈ লৈ গৈ কাণত ধৰাই উঠা-বহা কৰোৱাৰ লগতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত পলায়ন কৰে যুৱকৰ দলটোৱে।  

Also Read: এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ

ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত খাৰুপেটীয়া থানাৰ অন্তৰ্গত খকজানি গাঁৱৰ আশ্বিক আলফা, ছাইফউদ্দিন আহমেদৰ লগতে অজ্ঞাত কেইবাজনৰো বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। ভুক্তভোগী ছাত্ৰজনে জনোৱা অনুসৰি- কিছুদিন পূৰ্বে দৰঙৰ ধূলাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নৃত্য কৰাৰ সময়ত ছাত্ৰজনৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈছিল যুৱককেইজন। সাংস্কৃতিক অনুষ্ঠানত ভিৰৰ মাজত আক্ৰমণ কৰিব নোৱাৰাৰ বাবেই পূৰ্বপৰিকল্পনাৰে অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ। ইফালে এজাহাৰ দাখিল কৰাৰ পিছতো দলগাঁও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ। 

Advertisment
Advertisment