Assameseহাত বন্ধা, অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যকাছাৰৰ সোণাই সুন্দৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। মহিলাৰ হাত বন্ধা, অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। ঘাঁ কাটিবলৈ পথাৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী।Jyotiprasad Sarma Nov 25, 2025 11:51 ISTহাত বন্ধা, অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য Photograph: (DY365)হাত বন্ধা, অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যকাছাৰৰ সোণাই সুন্দৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। মহিলাৰ হাত বন্ধা, অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। Advertismentঘটনা অনুসৰি, দেওবাৰৰ পৰা নিখোজ হৈ আছিল মনোৱাৰা বেগম নামৰ এগৰাকী মহিলা। ঘাঁ কাটিবলৈ পথাৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী। মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কোনো সম্ভেদ নাপালে। দেওবাৰে গোটেই নিশা মহিলাগৰাকীক বিচাৰি নোপোৱাত হাহাকাৰ লাগে পৰিয়ালৰ লোকৰ মাজত। সোমবাৰেও পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান কৰি থাকোঁতে হঠাৎ ঘৰৰ কাষতে থকা ধাননি পথাৰত বোৱাৰীগৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷ হাত বন্ধা, অৰ্ধ উলংগ মৃতদেহটো প্ৰত্যক্ষ হোৱাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। মৃত মহিলাগৰাকীৰ মুখত সুমুৱাই থোৱা আছিল পলিথিন।Also Read: ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান?ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে। লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।Also Read: প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীাৰ জালতইফালে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ, কোনো দুৰ্বৃত্তই মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ গৈছে। মৃতদেহৰ মুখত সোমোৱাই থোৱা আছিল পলিথিন, দুয়োখন হাত আছিল বন্ধা আৰু অৰ্ধ উলংগ অৱস্থাত পৰি আছিল। সেয়ে তেওঁলোকৰ সন্দেহ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে মৃত মহিলাগৰাকীৰ পৰিয়ালে।Also Read: হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন!আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো কথা। প্ৰকৃততে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নে আন কিবা কাৰণত মহিলাগৰাকীৰ মৃত্যু হ'ল। AdvertismentAdvertisment Read the Next Article