Advertisment

নগা দুৰ্বৃত্তৰ সন্ত্ৰাস! পিষ্টল দেখুৱাই অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা

গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত চাঞ্চল্যকৰ ঘটনা। অসমৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। দিন দুপৰতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লোকজনক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ।

 নগা দুৰ্বৃত্তৰ সন্ত্ৰাস! পিষ্টল দেখুৱাই অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা

অসমৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ

গুৱাহাটী, ১৭ অক্টোবৰঃ গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ B SECTORৰ চুঙাজানত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে এজন ব্যৱসায়ীক নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। চুঙাজানৰ ১নং দুৰ্গাপূৰৰ পাঁচাং লামা নামৰ যুৱকজনৰ নিজৰ গেলেমাল দোকানৰ পৰা অপহৰণৰ চেষ্টা চলাই নগা দুৰ্বৃত্তই।

Advertisment

ALSO READ: মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ মান বজাত নীলা ৰঙৰ ৱেগেনাৰ গাড়ী লৈ অহা নগা দুৰ্বৃত্তৰ দলটোৱে অৰ্তকৃতে প্ৰৱেশ কৰি দোকানখনৰ গৰাকী পাঁচাং লামাক পিষ্টল দেখুৱাই অপহৰণ কৰি নিবলৈ চেষ্টা চলাই। দোকানীজনৰ সৈতে সেই সময়ত ওচৰৰে ফকৰুদ্দিন নামৰ এজন যুৱকে দোকানত বহি কথাপাতি আছিল। নাওঘাট চাৰি আলিৰ দিশৰ পৰা ৱেগেনাৰ বাহনত অহা নগা দুৰ্বৃত্তৰ দলটোৱে দোকানখনৰ গৰাকী পাঁচাং লামাক বাহিৰলৈ টানি চোঁচৰাই উলিয়াই আনিবলৈ লওঁতেই লগত বহি থকা ফকৰুদ্দিন নামৰ যুৱকজন পিছ দৰ্জাৰে ওলাই বিল্ডিঙৰ পৰা জাপ দি কোনোমতে কাষতে লাগি থকা পৰিয়ালৰ লোকক খবৰ দিয়ে।

ALSO READ: কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ

দোকানী জনেও প্ৰাণৰ মমতাত চিঞৰ-বাখৰ কৰাত ওলাই আহে পৰিয়ালৰ লোক। পাঁচাঙ লামাৰ পৰিবাৰ আহিও দুৰ্বৃত্তৰ ওচৰত হাতযোৰ কৰি স্বামীৰ প্ৰাণৰ ভিক্ষা কৰে। চিঞৰ-বাখৰ কৰা দেখি মহিলা গৰাকীকো লক্ষ্য কৰি গুলিয়াবলৈ উদ্যত হয় নগা দুৰ্বৃত্তৰ দলটোৱে। ওচৰ-চুবুৰীয়া সকলো ওলাই অহাৰ পাছত নগা দুৰ্বৃত্তৰ দলটো পলায়ন কৰে সেই স্থানৰ পৰা। পৰৱৰ্তী সময়ত পাঁচাঙ লামা আৰু তেওঁৰ লগত থকা ফকৰুদ্দিন আলি গৈ চুঙাজান থানাত খবৰ দিয়ে।

ALSO READ: জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ

খবৰ দিয়া লগে লগে চুঙাজান থানাৰ OC মনোজ হাতীমূৰীয়া, সৰুপথাৰ সমজিলা আৰক্ষী বিষয়া দ্বীপেন পাতৰ, CI দীপক দাস আৰু সীমান্তত নিয়োজিত ১৫৫নং CRPF উপস্থিত হৈ দোকানত লাগি থকা CCTV ফুটেজ সংগ্ৰহ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে। 

Advertisment
Advertisment