Assameseকৰ্মসংস্কৃতিৰ উত্কৃষ্ট নিদৰ্শন বিশ্বজিৎ নাথযিটো সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। সেই সময়তে এগৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্কৃতিয়ে দাঙি ধৰিছে উত্কৃষ্ট নিদৰ্শন।Jyotiprasad Sarma Dec 23, 2025 12:19 ISTকৰ্মসংস্কৃতিৰ উত্কৃষ্ট নিদৰ্শন বিশ্বজিৎ নাথ Photograph: (DY365)কৰ্মসংস্কৃতিৰ উত্কৃষ্ট নিদৰ্শন বিশ্বজিৎ নাথযিটো সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। সেই সময়তে এগৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্কৃতিয়ে দাঙি ধৰিছে উত্কৃষ্ট নিদৰ্শন। সচৰাচৰ অসমীয়া যুৱকে এৰাই চলা বৃত্তিৰে উপাৰ্জন কৰি সুন্দৰভাৱে জীৱন চলাই নিবলৈ সক্ষম হৈছে যুৱকজন। AdvertismentAlso Read: অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়াউচ্চ শিক্ষাৰে শিক্ষিত হৈ কৰ্মসংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ বিশ্বজিৎ নাথ নামৰ এজন যুৱকে। নগাঁৱৰ ফুলগুৰিৰ দক্ষিণপাট গাঁৱৰ বিশ্বজিৎ নাথে চেলুন খুলি চুলি-দাঢ়ি কটা ব্যৱসায়েৰে উপাৰ্জন কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে। ফুৰগুৰিৰ দক্ষিণ পাট গাঁৱৰ ভাৰত নাথ আৰু ৰেণুমাই দেৱীৰ পুত্ৰ বিশ্বজিৎ নাথ। Also Read: নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিলবিশ্বজিৎ নাথে ৰহা মহাবিদ্যালয়ত অসমীয়া বিভাগত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চেলুন খুলি চুলি-দাঢ়ি কটা ব্যৱসায় আৰম্ভ কৰে। নিজকে স্বাৱলম্বী ৰূপে গঢ় দিবৰ বাবে নগাঁও জিলাৰ পুৰণিগুদামত আৰম্ভ কৰিছে এই চেলুনৰ ব্যৱসায়। এই কামেৰে ঘৰৰ সকলো খৰচ বহন কৰাৰ লগতে নিজৰ পঢ়া-শুনাৰ সকলো খৰচ উলিয়াবলৈ সক্ষম হৈছে বিশ্বজিৎ নাথে। এই ব্যৱসায়ৰ পৰা হোৱা উপাৰ্জনেৰে অনাগত দিনত উচ্চ শিক্ষাৰ ডিগ্ৰী লাভ কৰাৰো সপোন মনত পুহি ৰাখিছে বিশ্বজিৎ নাথে। ব্যৱসায়ৰ লগে লগে শিক্ষাৰ দিশতো আগবাঢ়ি যোৱাৰ সংকল্প বিশ্বজিতৰ। বিশ্বজিতৰ স্বাৱলম্বী হোৱাৰ চেষ্টা আনৰ বাবে প্ৰেৰণামূলক বুলি এতিয়া চৰ্চিত। Also Read: অন কেমেৰা দেশবিৰোধী শ্লোগানউল্লেখ্য যে, একাংশ যুৱ প্ৰজন্মই কৰ্মসংস্থাপনৰ বাট বিচাৰি নাপাই ঘূৰি ফুৰিছে তেনে সময়তে বিশ্বজিৎ নাথৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বহিঃৰাজ্যলৈ গৈ কৰ্ম সংস্থাপনৰ পথ বিচৰাৰ পৰিৱৰ্তে নিজৰ ঠাইতে চেলুন খুলি ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ যি প্ৰচেষ্টা চলাইছে তাক সকলো প্ৰশংসা কৰিছে। বিশ্বজিৎ নাথৰ এই কৰ্ম সংস্কৃতি হৈ পৰক আন দহজনৰ বাবে আদৰ্শ সেয়া এতিয়া সকলোৰে কাম্য। AdvertismentAdvertisment Read the Next Article