Assameseঅন কেমেৰা দেশবিৰোধী শ্লোগানঅন কেমেৰা দেশবিৰোধী শ্লোগান দি আৰক্ষীৰ জালত এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দি থাকোঁতেই ৰাইজে ধৰিলে ছায়েদ আলী নামৰ যুৱকজনক। ৰাইজে কৰায়ত্ত কৰি ছয়গাঁও আৰক্ষীক গতাই দিলে ছায়েদ আলীক। Jyotiprasad Sarma Dec 22, 2025 23:18 ISTঅন কেমেৰা দেশবিৰোধী শ্লোগান Photograph: (DY365)অন কেমেৰা দেশবিৰোধী শ্লোগানআৰক্ষীৰ জালত ছায়েদ আলীঅন কেমেৰা দেশবিৰোধী শ্লোগান দি আৰক্ষীৰ জালত এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দি থাকোঁতেই ৰাইজে ধৰিলে ছায়েদ আলী নামৰ যুৱকজনক। ৰাইজে কৰায়ত্ত কৰি ছয়গাঁও আৰক্ষীক গতাই দিলে ছায়েদ আলীক। AdvertismentAlso Read: শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰকামৰূপৰ পলাশবাৰীৰ পানীখাইটীত সংঘটিত চাঞ্চল্যকৰ ঘটনা। কেমেৰাৰ সন্মুখতে পলাশবাৰী গৰৈমাৰীৰ ছায়েদ আলী নামৰ এজন যুৱকৰ দেশবিৰোধী শ্লোগান। অন কেমেৰা ছায়েদ আলীয়ে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়ে। আল্লাহু আকবৰ, পাকিস্তান জিন্দাবাদ ধ্বনিও দিয়ে ছায়েদ আলীয়ে। স্থানীয় একাংশ যুৱকৰ মতে, হিন্দু পৰিয়ালৰ ঘৰে–ঘৰে সোমাইছিল ছায়েদ আলী। হিন্দু পৰিয়ালৰ ঘৰত সোমাই দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি, দিছিল দেশ বিৰোধী ধ্বনিও। স্থানীয় হিন্দু লোকক মুছলমান কৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন ছায়েদ আলীৰ বিৰুদ্ধে। Also Read: ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহঅঞ্চলটোত পাকিস্তান জিন্দাবাদ ধ্বনি দি থকাৰ সময়তে স্থানীয় ৰাইজ ওলাই আহি ছায়েদ আলীক কৰায়ত্ত কৰি সোধা-পোছা কৰে। নিজকে গৰৈমাৰীৰ ছায়েদ আলী বুলি পৰিচয় দিয়ে যুৱকজনে। ৰাইজে ছায়েদ আলীক কৰায়ত্ত কৰি খবৰ দিয়ে ছয়গাও আৰক্ষীক। ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হোৱাত ৰাইজে ছায়েদ আলীক গতাই দিয়ে আৰক্ষীৰ হাতত। Also Read: সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়কইফালে অচিনাক্ত যুৱকৰ পাকিস্তান জিন্দাবাদ, দেশবিৰোধী শ্লোগান দিয়া ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ। আনহাতে, আৰক্ষীয়ে ছায়েদ আলীক সোধা-পোছাৰ অন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ আঁৰৰ উদ্দেশ্য। ঘটনাৰ আঁৰত আন কিবা ষড়যন্ত্ৰ লুকাই আছে নেকি সেয়াও আৰক্ষীৰ তদন্তৰ পিছতহে গম পোৱা যাব। AdvertismentAdvertisment Read the Next Article