Advertisment

শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে এফালৰ পৰা কৰি গৈছে অগ্নিসংযোগ।

 শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ Photograph: (DY365)
শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ Photograph: (DY365)

শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ 


হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পাছত আৰু কেইবা স্থানতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। 

Advertisment

কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে এফালৰ পৰা কৰি গৈছে অগ্নিসংযোগ। হামৰেণ, খেৰণিৰ ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে কৰিলে অগ্নিসংযোগ। ডংকামোকামৰ আন কেইবাটাও ঘৰত অগ্নিসংযোগৰ খবৰ পোহৰলৈ। ৰাজপথৰ দাঁতিত থকা যান-বাহনতো অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। দোকান-পোহাৰ, ঘৰ প্ৰায় সকলোতে অগ্নিসংযোগ।

Also Read: ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। ৰাজহুৱা স্থানত সমদল উলিওৱাত জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৫জনতকৈ অধিক লোক সমৱেত হোৱাত বাধা আৰোপ কৰিছে প্ৰশাসনে। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব স্পীকাৰ, বাইক। বেনাৰ, পোষ্টাৰ লগোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৰাজহুৱা স্থানত ভাষণ দিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি। বিয়লি ৫ বজাৰ পৰা পুৱা ৬ বজালৈ এই নিষেধাজ্ঞা জাৰি। 

প্ৰশাসনৰ নিৰ্ধাৰিত সময়ছোৱাত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক। নিশাৰ ভাগত ব্যক্তিগত বাহনৰ চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশাসনে চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি পশ্চিম কাৰ্বি আংলঙত। 

খেৰণিৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ‘ঘটনাক লৈ মই সঘনাই খবৰ লৈ আছো, DGPও তাতেই আছে’। ‘পৰিস্থিতিৰ বুজ ল’বলৈ খেৰণিলৈ পঠিওৱা হৈছে মন্ত্ৰী ৰণোজ পেগুক’। 

Also Read: কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি

বিয়লি উন্মত্ত প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল ৩জন লোক, আঘাতপ্ৰাপ্ত হৈছিল এজন আৰক্ষী। 

Also Read: অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী

উল্লেখ্য যে, বিভিন্ন দাবীৰে ধাৰাবাহিক প্ৰতিবাদত বহিছিল একাংশ কাৰ্বি লোক। উচ্ছেদৰ দাবীত দীৰ্ঘদিনে চলি আহিছিল প্ৰতিবাদ। অনাকাৰ্বি লোকক উচ্ছেদৰ দাবী, VGR-PGR ইছ্যুক লৈ হৈছিল আমৰণ অনশন। অনশনকাৰীক আলোচনালৈ মাতিছিল কাৰ্বি আংলং প্ৰশাসনে। আজি অনশনকাৰীৰ সৈতে আলোচনা কৰাৰ কথা আছিল প্ৰশাসনৰ। হঠাৎ পুৱতি নিশা প্ৰায় ৩ মান বজাত অনশনথলীৰ পৰা প্ৰতিবাদকাৰীক উঠাই লৈ যায় আৰক্ষীয়ে। নিশা খেৰণিৰ ফেলাংপিত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। প্ৰতিবাদকাৰীক উগ্ৰপন্থীৰ দৰে উঠাই নিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক উঠাই নিয়াৰ পিছতেই ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয় খেৰণিত। হাজাৰ হাজাৰ লোক ওলাই আহে ৰাজপথলৈ। প্ৰতিবাদকাৰীয়ে বাঁহ বান্ধি পথ অৱৰোধ কৰাৰ পিছতেই ভয়ংকৰ হৈ পৰে পৰিস্থিতি। 

Advertisment
Advertisment