Assameseকাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতিকাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ পৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ।Jyotiprasad Sarma Dec 22, 2025 17:48 ISTকাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি Photograph: (DY365)কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতিতুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগকাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ পৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। শ শ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে কাৰ্বি ভূমিৰ প্ৰতাপী নেতা তুলিৰাম ৰংহাঙৰ ঘৰ। অনশনত বহি থকা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়াৰ পিছতে অধিক ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰী। Advertismentপৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত ৩জন প্ৰতিবাদকাৰী আহত হয়। ঘটনাত এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হয়। Also Read: বাস্তৱ হ'ল সপোন, ৰাজ্যত পুনৰ চৰকাৰী নিযুক্তিউল্লেখ্য যে, বিভিন্ন দাবীৰে ধাৰাবাহিক প্ৰতিবাদত বহিছিল একাংশ কাৰ্বি লোক। উচ্ছেদৰ দাবীত দীৰ্ঘদিনে চলি আহিছিল প্ৰতিবাদ। অনাকাৰ্বি লোকক উচ্ছেদৰ দাবী, VGR-PGR ইছ্যুক লৈ হৈছিল আমৰণ অনশন। অনশনকাৰীক আলোচনালৈ মাতিছিল কাৰ্বি আংলং প্ৰশাসনে। আজি অনশনকাৰীৰ সৈতে আলোচনা কৰাৰ কথা আছিল প্ৰশাসনৰ। হঠাৎ পুৱতি নিশা প্ৰায় ৩ মান বজাত অনশনথলীৰ পৰা প্ৰতিবাদকাৰীক উঠাই লৈ যায় আৰক্ষীয়ে। নিশা খেৰণিৰ ফেলাংপিত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। প্ৰতিবাদকাৰীক উগ্ৰপন্থীৰ দৰে উঠাই নিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। Also Read: কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰআৰক্ষীয়ে প্ৰতিবাদকাৰীক উঠাই নিয়াৰ পিছতেই ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয় খেৰণিত। হাজাৰ হাজাৰ লোক ওলাই আহে ৰাজপথলৈ। প্ৰতিবাদকাৰীয়ে বাঁহ বান্ধি পথ অৱৰোধ কৰাৰ পিছতেই ভয়ংকৰ হৈ পৰে পৰিস্থিতি। আলোচনালৈ মাতি প্ৰতিবাদকাৰীক উগ্ৰপন্থীৰ দৰে কিয় উঠাই আনিলে বুলি প্ৰশ্ন প্ৰতিবাদকাৰীৰ। অনশনত বহি থকা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়াৰ পিছতে অধিক ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰী। এটা সময়ত প্ৰতিবাদকাৰী ৰাওনা হয় তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহৰ দিশে। প্ৰথম অৱস্থাত তুলিৰাম ৰংহাঙৰ বাসগৃহৰ বাহিৰত জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। তাৰ পিছতেই তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। তুলিৰাম ৰংহাঙৰ ঘৰৰ চৌহদৰ গছ কাটি জাপি দিয়ে জুইত। অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতিৰ। Also Read: ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰপৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৩ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীৰে হোৱা ঠেলা-হেঁচাত আঘাতপ্ৰাপ্ত হয় এজন আৰক্ষী। আনহাতে KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে তাত্ক্ষণিক বাৰ্তালাপ হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী ৰণোজ পেগুক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। AdvertismentAdvertisment Read the Next Article