Advertisment

কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ

বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি। 

 Filephoto
Filephoto

কেৱল লুণ্ঠন চলাইছে !
বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ


বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি। 

Advertisment

Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়ম

বিজেপিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰিপুন বৰা। বিজেপিক সমালোচনা কৰি ৰিপুন বৰা ক'লে- "বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। জনজাতীয় লোকৰ মাটি বলপূৰ্বকভাৱে আদানি-আম্বানীক গতাইছে বিজেপিয়ে। অসম ভ্ৰমণৰ সময়ত জুবিন গাৰ্গৰ প্ৰসংগত এটা কথাও নক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰাই বুজিব পাৰি অসমখনক কিমান ভাল পায় বিজেপি চৰকাৰ আৰু মোদীয়ে"। 

Read More- 'A for Apple'  নহয় এতিয়া  'A for Assam', আজি অসমীয়াই আকাশ চুইছে

লগতে ৰিপুন বৰা ক'লে- প্ৰধানমন্ত্ৰী অসমলৈ অহাত আনি ভাল পাইছো। কিন্তু বিজেপি চৰকাৰখনে অসমখনক লুণ্ঠনৰ দৃষ্টিৰে চাইছে, মাহীআইৰ দৃষ্টিৰে চাইছে। অসমৰ পৰা বিজেপি চৰকাৰখনক কেৱল ভোট লাগে। জনজাতীয় লোকৰ ভূমি বলপূৰ্বকভাৱে আদানী-আম্বানীক দিছে বিজেপি চৰকাৰখনে। এয়া বিজেপি চৰকাৰখনৰ অসমৰ প্ৰতি এটা সাংঘাটিক অন্যায়। 

Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

আকৌ প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত এটা শব্দও নকলে। ইয়াৰ পৰাই বুজিব পৰা নৰেন্দ্ৰ মোদীয়ে অসম আৰু অসমীয়াক কিমান ভাল পাই। ২০১৪ চনত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ১৬ মে'ৰ পাছত সকলো বাংলাদেশীয়ে অসম এৰিব লাগিব। কিন্তু এই বিজেপি দলৰে দুজনকৈ বিধায়ক ইতিমধ্যে বাংলাদেশী বুলি প্ৰমাণিত হৈছে। "অসম চুক্তিক" নস্যাত কৰি "কা" আইনৰ জৰিয়তে এতিয়া বিজেপিয়ে বাংলাদেশ, পাকিস্তান, আফগানিস্থানৰ নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়ে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে।

Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

Advertisment
Advertisment