Advertisment

'A for Apple'  নহয় এতিয়া  'A for Assam', আজি অসমীয়াই আকাশ চুইছে

এদিন আমি ভাবিছিলো, সুযোগ পালে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিলে যে অসমীয়াই আকাশ চুবই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। 

 Filephoto
Filephoto

'A for Apple'  নহয় এতিয়া  'A for Assam', আজি অসমীয়াই আকাশ চুইছে

এদিন আমি ভাবিছিলো, সুযোগ পালে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিলে যে অসমীয়াই আকাশ চুবই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। 

Advertisment

Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম ভ্ৰমণৰ কালছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল নামৰূপ। নামৰূপত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিলে বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত।

Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

নামৰূপৰ জনসভাত প্ৰধানমন্ত্ৰীৰ সম্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। নামৰূপৰ জনসভাত হিমন্ত বিশ্ব শৰ্মাই ক'লে- "এদিন আমি ভাবিছিলো, সুযোগ পালে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বই প্ৰমাণ কৰিলে যে অসমীয়াই আকাশ চুবই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছেও"। 
 

Read More- লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা

লগতে হিমন্ত বিশ্ব শৰ্মাই ক'লে- "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল আমি 'A for Apple' বুলি নকয় 'A for Assam' বুলি কম। সেই দিন এতিয়া আহি পৰিছে। ৰাজ্যৰ চাৰিও দিশে এতিয়া কেৱল মাত্ৰ বিকাশৰ উৎসৱ। এফালে জাতি, মাটি, ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ, আনফালে অসমৰ অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি অসমৰ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো। তাৰ লগতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি অসমক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰিছো"।

Read More- ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ক

Advertisment
Advertisment