Assameseইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মপেট্ৰ'ল আৰু ডিজেল চালিত বাহনেৰে ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। ১ জানুৱাৰীৰ পৰা ডেলিভাৰী বয়ৰ যান-বাহনৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। Swiggy, Zomato, Blinkitৰ দৰে ডেলিভাৰী বয়ে ইলেকট্ৰিক বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰীৰ কাম। Mrinmoy Talukdar Dec 21, 2025 18:59 ISTFilephotoইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মপেট্ৰ'ল আৰু ডিজেল চালিত বাহনেৰে ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। ১ জানুৱাৰীৰ পৰা ডেলিভাৰী বয়ৰ যান-বাহনৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। Swiggy, Zomato, Blinkitৰ দৰে ডেলিভাৰী বয়ে ইলেকট্ৰিক বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰীৰ কাম। বৰ্ধিত প্ৰদূষণ ৰোধৰ বাবেই এই পদক্ষেপ চৰকাৰৰ।AdvertismentRead More- ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ককঠোৰ হৈছে চৰকাৰ। ১ জানুৱাৰীৰ পৰা যান-বাহনৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। পেট্ৰ'ল আৰু ডিজেল চালিত বাহনেৰে ডেলিভাৰী কামত নিষেধাজ্ঞা চৰকাৰৰ। ডেলিভাৰী বয়ৰ কাম কৰিবলৈ হলে সকলোৱে সলনি কৰিব লাগিব নিজৰ বাহন। Swiggy, Zomato, Blinkitৰ দৰে ডেলিভাৰী বাহনক লৈ এই সিদ্ধান্ত লৈছে চৰকাৰে। ডেলিভাৰী বয়ৰ কাম কৰা সকলে নিজৰ বাহনখনক পেট্ৰ'ল, ডিজেলৰ সলনি চিএনজি বা ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰ কৰিব লাগিব।Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষদিল্লীৰ বৰ্দ্ধিত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। দিল্লীত দিন-প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰদূষণৰ বাবেই বৈধ প্ৰদূষণ নিয়ন্ত্ৰণৰ (পিইউচি) প্ৰমাণ পত্ৰ অবিহনে কোনো বাহনকে পেট্ৰ’ল, ডিজেল আদি ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছিল দিল্লী চৰকাৰে। লগতে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহ চলাচলৰ ক্ষেত্ৰতো দিল্লীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু নিয়ম ভংগ কৰি নিৰ্মাণ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে। আনহাতে দিল্লীলৈ বাহিৰৰ পৰা অহা BS-6 ৰ তলৰ বাহনসমূহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশনা অহা পৰ্যন্ত কাৰ্যকৰী থাকিব। চৰকাৰৰ ফালৰ পৰা কোৱা অনুসৰি পুৰণি আৰু অতি প্ৰদূষণকাৰী বাহনসমূহ ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। দিল্লীৰ পৰিৱেশ সুৰক্ষাৰ দিশত এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকাএই সকলোবোৰৰ মাজতে এতিয়া ডেলিভাৰী বয়ে ব্যৱহাৰ কৰা বাহনক লৈও কঠোৰ সিদ্ধান্ত লৈছে চৰকাৰে। ১ জানুৱাৰী ২০২৬ৰ পৰা দিল্লীত Swiggy, Zomato, Blinkitৰ এপত কাম কৰা ডেলিভাৰী বয়সকলে ইলেকট্ৰিক বাহনহে ব্যৱহাৰ কৰিব পাৰিব। এই নিৰ্দেশনাই Swiggy, Zomato, Blinkit, Amazon, Flipcartৰ দৰে কোম্পানীসমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব।Read More- লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থাAdvertismentAdvertisment Read the Next Article