Assameseকাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰটেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।Mrinmoy Talukdar Nov 21, 2025 16:58 ISTFilephotoকাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰটেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে। Advertismentভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ পূৰ্বে ঋষভ পণ্টৰ সংবাদমেল। সংবাদমেলত ঋষভ পণ্টে কয়, 'বৰ্ষাপাৰাৰ গ্ৰাউণ্ড মোৰ বাবে সদায় বিশেষ'। 'ইয়াতে মই মোৰ এদিনীয়া কেৰিয়াৰৰ অভিষেক ঘটাইছিলো'। পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী হ’ব টেষ্ট মেচৰ ভেন্যু। কাইলৈৰ পৰা বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাজয়ৰ পাছত বৰ্ষাপাৰাৰ টেষ্টখন হ'ব টীম ইণ্ডিয়াৰ বাবে আত্মসন্মান ৰক্ষাৰ যুঁজ। বৰ্ষাপাৰাৰ টেষ্টত পৰাজয় মানেই আন এটা ঘৰুৱা শৃংখলা হেৰুৱাব টীম ইণ্ডিয়াই। বৰ্ষাপাৰাত বিজয় সাব্যস্ত কৰি শৃংখলাত সমতাৰ স্থাপনৰ লক্ষ্য ভাৰতৰ। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ ইডেন গাৰ্ডেন টেষ্টত প্ৰথম ইনিংছতে আঘাতৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল অধিনায়ক শুভমন গিলে। তাৰ মাজতেই মাজতে ক্ৰিকেট অনুৰাগীলৈ আহিছে এক বেয়া খবৰ। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব উপ-অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হব লগীয়া মেচখনক লৈ এতিয়া আশাৰে অপেক্ষাৰত ৰাজ্যৰ ক্ৰিকেট অনুৰাগী। কাৰণ উত্তৰ পূৰ্বাঞ্চল তথা অসমভূমিৰ সেউজ ঘাঁহনিত সৰ্ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব টেষ্ট মেচ। ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন মেচত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পাছত দলটোৰ বেটিং বিপৰ্যয়কলৈ উঠিছিল বহু প্ৰশ্ন। তেনেস্থলত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া বহু চৰ্চিত মেচখনক কেন্দ্ৰ কৰি এতিয়া চলিছে সৰৱ চৰ্চা।AdvertismentAdvertisment Read the Next Article