Assameseৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰউচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই। Mrinmoy Talukdar Dec 22, 2025 15:03 ISTFilephotoৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰউচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই। AdvertismentRead More- অথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনিএইবাৰ বিহাৰত বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ বিজেপি নেতাৰ বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ ভুক্তভোগী বিজেপি কৰ্মীৰ। ক্ষোভ ব্যক্ত কৰি বিজেপি নেতাই ক'লে- ‘এয়া চৰকাৰৰ কেনে শাসন? কোনো আগতীয়া জাননী নিদিয়াকৈয়ে প্ৰশাসনে আমাৰ ঘৰ ভাঙিলে। আমি বিজেপিৰ সক্ৰিয় কৰ্মী আছিলো। কান্দি কান্দি এনেদৰে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই’।Read More- "জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?ভুক্তভোগী বিজেপি নেতাগৰাকীয়ে ক'লে- বছৰ বছৰ ধৰি মই এই ঠাইতে বাস কৰি আছো। কিন্তু হঠাতেই প্ৰশাসনে বুলড'জাৰ লৈ আহি কোনো লিখিত জাননী নিদিয়াকৈয়ে মোৰ সমগ্ৰ ঘৰটো ভাঙি পেলালে। ভুক্তভোগীয়ে কোৱা অনুসৰি তেওঁ কেৱল সাধাৰণ বিজেপি কৰ্মীয়েই নহয়, তেও আছিল বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক। Read More- হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমানএই ঘটনা সংঘটিত হৈছে বিহাৰৰ সীতামড়ী জিলাৰ পৰিহাৰ বিধান সভা সমষ্টিত। য’ত শনিবাৰে প্ৰশাসনে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যেৰে বুলড'জাৰ চলাইছিল। চৰকাৰী বিষয়াৰ মতে, অবৈধ বেদখলসমূহে যাতায়ত ব্যৱস্থাত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। যাতায়তৰ এই সমস্যা দূৰ কৰিবলৈয়ে উচ্ছেদ চলাইছে প্ৰশাসনে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মোতায়েন কৰা হৈছিল বৃহৎ আৰক্ষী বাহিনীও।Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মAdvertismentAdvertisment Read the Next Article