Advertisment

"জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?

দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্ছাৰিত নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ অসন্তষ্ট অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। সামাজিক মাধ্যমযোগে দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ।

 Filephoto
Filephoto

"জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?
অসন্তষ্ট অখিল, লুৰীণজ্যোতি গগৈ

Advertisment

দুদিনীয়া ভ্ৰমণ সামৰি দিল্লীলৈ উভতিল প্ৰধানমন্ত্ৰী। দুদিনীয়া এই ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্ছাৰিত নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ অসন্তষ্ট অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। সামাজিক মাধ্যমযোগে দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ।

Read More- মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৯৩টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মহাপ্ৰয়ানৰ পাছত প্ৰথমবাৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ অসম ভ্ৰমণৰ কালছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। তাৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল নামৰূপ। নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলান্যাস কৰিলে বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত। 

Read More- হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমান

কিন্তু প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ সামৰি দিল্লীলৈ উভতি যোৱাৰ পাছতেই তীব্ৰ অসন্তষ্ট দেখিবলৈ পোৱা গ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ। সামাজিক মাধ্যমত লুৰীণজ্যোতি গগৈয়ে লিখিছে- "জাতিৰ মহানায়ক ‘ঈশ্বৰপুত্ৰ’ জুবিন গাৰ্গ দেৱৰ মহাপ্ৰয়াণৰ পাছত অসমলৈ প্ৰথমবাৰ আহিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী৷ তেখেতে ভাষণত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিব বুলি আন্তৰিকতাৰে আশা কৰিছিলোঁ৷ কিন্তু নকৰিলে৷ 
আমি মনত বেজাৰ পাইছোঁ৷ জুবিন জ্বলন্ত জুই, চল-বল-কৌশলেৰে যিমানে সেই মহান ব্যক্তিত্বক নিষ্প্ৰভ কৰিবলৈ চাব সিমানেই বেছিকৈ উজলি উঠিব"৷
#JusticeForZubeenGarg

Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়ম

ঠিক একেদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও সামাজিক মাধ্যমত লিখিছে- "প্ৰধানমন্ত্ৰী আহিল, বিমান বন্দৰ আদানীক দিলে, ছহিদ স্মৰণ কৰিলে, বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে নিৰ্বাচনৰ কথা পাতিল, ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা কৰিল; কিন্তু অসমবাসীৰ মৰমৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নাপালে"!

Read More- 'A for Apple'  নহয় এতিয়া  'A for Assam', আজি অসমীয়াই আকাশ চুইছে

আন এটা পোষ্টত অখিল গগৈয়ে লিখিছে- "আচৰিত। জুবিনদাৰ মৃত‍্যুৰ পাছত প্ৰথমবাৰ অসমলৈ আহি প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই এবাৰলৈও জুবিন গাৰ্গৰ নাম নল’লে। কিয়?"

Read More- লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা 

Advertisment
Advertisment