Advertisment

হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমান

জ্বলিছে বাংলাদেশ। অশান্ত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হৈছে আক্ৰমণ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা এই আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যকলাপো সহ্য কৰা নহ'ব। ABMSUৰ হুংকাৰ। 

 Filephoto
Filephoto

হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমান

জ্বলিছে বাংলাদেশ। অশান্ত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হৈছে আক্ৰমণ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা এই আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যকলাপো সহ্য কৰা নহ'ব। ABMSUৰ হুংকাৰ। 

Advertisment

Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়ম

১২ ডিচেম্বৰত ঢাকাৰ পল্টন অঞ্চলৰ কালভাৰ্ট ৰোডত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। অট’ৰিক্সাৰে গৈ থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই গুলীচালনা কৰিছিল বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিক। লগে লগেই ওছমান হাদীক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তাৰ পিছতেই ওছমান হাদীক উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত হাস্পতালক ভৰ্তি কৰা হয়। কিন্তু দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে বিশেষ বিমানেৰে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত ছিংগাপুৰতে মৃত্যুক আঁকোৱালি লয় বাংলাদেশৰ ছাত্ৰ বিদ্ৰোহত মূল ভূমিকা গ্ৰহণ কৰা ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ। 

Read More- মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট

ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছে জ্বলালে সংবাদ মাধ্যমৰ কাৰ্যালয়, গুলীয়াই হত্যা কৰিছে সাংবাদিককো। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান। আনহাতে অশান্ত বাংলাদেশত এজন হিন্দু যুৱকক হত্যা কৰি যুৱকজনৰ মৃতদেহ গছত ওলোমাই জ্বলাই দিয়া হৈছিল। সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। ইয়াৰ ওপৰিও বাংলাদেশৰ প্ৰান্তে প্ৰান্তে হিন্দুক আক্ৰমণৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে। 

Read More- 'A for Apple'  নহয়  'A for Assam', অসমীয়াই আজি আকাশ চুইছে

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা অসমৰ সংখ্যালঘু মুছলমানৰ। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত সংখ্যালঘু সংগঠন ABMSUৰ। ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত  মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি ABMSU-এ ক'লে- বাংলাদেশৰ হিন্দুৰ পক্ষত আছে অসমৰ সংখ্যালঘু সংগঠন। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যকলাপ সহ্য কৰা নহ'ব।

Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ABMSUৰ সভাপতি টাইছন হুছেইনে ক'লে- "বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা একপক্ষীয় বৰ্বৰ আক্ৰমণৰ ঘটনাক আমি ধিক্কাৰ জনাইছো। বাংলাদেশে পাহৰি যোৱা অনুচিত যে, বাংলাদেশৰ স্বাধীনতাত ভাৰতে মূল ভুমিকা গ্ৰহণ কৰিছিল। অসম তথা ভাৰতৰ সংখ্যালঘু লোকসকলে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ সহ্য নকৰে। এই সময়ত বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ সৈতে আমি ভাৰতৰ প্ৰতিগৰাকী সংখ্যালঘু মুছনমান থিয় দিছো "।

Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

Advertisment
Advertisment