Advertisment

মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট

সংযমী হৈ আছো, দুৰ্বল নহয়! আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গক ন্যায় দিয়াৰ যুঁজ। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই এতিয়া চৰম সীমা পাইছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে এয়া বুজিবলৈ মই অপাৰগ।

 Filephoto
Filephoto

মুখা পিন্ধাবোৰে নহয়,  প্ৰকৃত অনুৰাগীয়ে লিখক
#JusticeForZubeenGarg
জুবিন ভগ্নীৰ বিশেষ প’ষ্ট

Advertisment

সংযমী হৈ আছো, দুৰ্বল নহয়! আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গক ন্যায় দিয়াৰ যুঁজ। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই এতিয়া চৰম সীমা পাইছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে এয়া বুজিবলৈ মই অপাৰগ। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ বিশেষ প’ষ্ট। 

Read More- 'A for Apple'  নহয়  'A for Assam', অসমীয়াই আজি আকাশ চুইছে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ ৩টা মাহ অতিক্ৰম হ'ল। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল, কিয় আমি জুবিন গাৰ্গক হেৰুৱালো, সছাকৈয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? এই সকলোবোৰ ৰহস্য জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে প্ৰতিজন অসমীয়া। 

Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

তাৰ মাজতে ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰা SIT-এ দাখিল কৰিলে জুবিন হত্যাৰ চাৰ্জশ্বীট। চাৰ্জশ্বীট দাখিলৰ পাছতেই ৰাজ্যত একাংশ লোকে অহেতুক গল্প-গুজৱ চলাই থকাৰ সময়তে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে এটা আৱেগিক প’ষ্ট। সামাজিক মাধ্যমত পামী বৰঠাকুৰে লিখিছে-

সংযমী হৈ আছো, দুৰ্বল নহয়!

কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলো....

১) এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এইয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ।

২) আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ'ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব।

৩) গৰিমা গাৰ্গ এ Chargesheet খন লৈ সন্তুষ্ট হ'ল বুলি কেতিয়া ক'লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া Section আৰু sub-section কেইটা  আমি ভাল পাইছো। Chargsheet আমি এতিয়ালৈকে পঢ়িবলৈ এ পোৱা নাই, যেতিয়া signature/seal মৰা copy পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি - অসন্তুষ্টি ৰ কথা নাই ইয়াত। SIT, Honourable CM আৰু মহামান্য কৰ্ট ৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিএ মানিছো। নিজৰ স্থিতিত অটল আছো।

৪) গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ case টো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে investigation কৰাইছে, অসমত আৰু ছিংগাপুৰটো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে investigation কৰাই দ্বিমত generate কৰাই কিবা লাভ হব নিকি? ছিংগাপুৰ পুলিচৰ investigation report দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী ৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া justice for Zubeen Garg হ'ব নে justice denied হ'ব? Guarantee কোনে দিব?

৫) য়তত থকা ছিংগাপুৰ ৰ অসমীয়া কেইজন কোন 'breed' ৰ মই বুজি নেপালো, SIT আৰু স্বয়ং CM এ বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলা জনে অকল হাঁহিয়ে থাকিল মেডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেঁওৰ কাৰনে হাস্যজনক? ইমান স্পৰ্ধা! য়তত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক। 

৬) The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্ত সকলক ' নিৰ্দোষী' বুলি আগতেই অপপ্ৰচাৰ নচলাব।

জুবিন গাৰ্গৰ  ভগ্নী বা পত্নী হোৱা সহজ নহয়, যি কুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া normalised হৈ গৈছে, ফূৰ্তি কৰিছে, reel বনাইছে, বদনাম গাইছে... কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত!
জুবিন গাৰ্গ অসমৰ কাৰনে আশীৰ্বাদ স্বৰূপে আহিছিল, আমি ভাগ্যবান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে.... কিন্তু ৰাজনীতি কৰি নহয়।

Justice for Zubeen Garg প্ৰকৃত অনুৰাগী সকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়।
#JusticeForZubeenGarg

Advertisment
Advertisment