Assameseঅথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনিদেশত এতিয়াৰে পৰা নাথাকিব MGNREGA আঁচনি। বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়ক। উভয় সদনত গৃহীত হোৱা VB-G RAM G বিধেয়কখনক আজি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই। Mrinmoy Talukdar Dec 21, 2025 21:40 ISTFilephotoঅথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনিদেশত এতিয়াৰে পৰা নাথাকিব MGNREGA আঁচনি। বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়ক। উভয় সদনত গৃহীত হোৱা VB-G RAM G বিধেয়কখনক আজি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ লগে লগেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়কখন। AdvertismentRead More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মVB-G RAM G বিধেয়ক,২০২৫ক আজি অনুমোদন জনাই ৰাষ্ট্ৰপতিয়ে। ২০২৬ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা এই বিধেয়কখন কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। এই আইনখনে এতিয়া গ্ৰাম্য পৰিয়ালসমূহক প্ৰতিটো বিত্তীয় বৰ্ষত পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ বিধিগত মজুৰিৰ নিশ্চয়তা প্ৰদান কৰিব। Read More- হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমানকেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বিধেয়কখন বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অনা হৈছে। চৰকাৰৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলত আয়ৰ সুৰক্ষা শক্তিশালী কৰা আৰু সৰ্বাংগীন আৰু সুষম বৃদ্ধিৰ বাবে স্থায়ী আৰু উৎপাদনশীল সম্পত্তি গঢ়ি তোলা।Read More- 'A for Apple' নহয় এতিয়া 'A for Assam', আজি অসমীয়াই আকাশ চুইছেনতুন আইন অনুসৰি গ্ৰাম্য পৰিয়ালসমূহক নূন্যতম ১২৫ দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰাটো চৰকাৰৰ বিধিগত দায়িত্ব। সাপ্তাহিক ভিত্তিত বা সৰ্বাধিক ১৫ দিনৰ ভিতৰত মজুৰি প্ৰদান কৰাটো বাধ্যতামূলক হ'ব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ধন পৰিশোধ নকৰিলে বা মজুৰি আদায়ত পলম হ’লে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও আছে এই আঁচনিখনত।Read More- "জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?উল্লেখ্য যে বৃহস্পতিবাৰে বিৰোধীৰ প্ৰতিবাদৰ মাজতেই সংসদত VB-G RAM G বিধেয়কখন গৃহীত হৈছিল। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মতে কংগ্ৰেছে মহাত্মা গান্ধীৰ আদৰ্শক হত্যা কৰিছে কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰে মহাত্মা গান্ধীৰ আদৰ্শক জীয়াই ৰাখিছে। MGNREGA আঁচনিৰ ঠাইত VB-G RAM G বিধেয়ক উত্থাপন কৰি মহাত্মা গান্ধীৰ নাম আঁতৰোৱাৰ চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অভিযোগকো নাকচ কৰে মন্ত্ৰীগৰাকীয়ে।Read More- মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্টVB-G RAM G বিধেয়কখনৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলত কৰ্মসংস্থাপন, জীৱিকা, আৰু কৃষি উৎপাদনশীলতা শক্তিশালী কৰা। বিধেয়কখনৰ জৰিয়তে গ্ৰাম্য পৰিয়ালৰ বাৰ্ষিক কৰ্মসংস্থাপনৰ নিশ্চয়তা ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও স্থানীয় পৰিকল্পনা, শ্ৰমিক সুৰক্ষা, আৰু আঁচনিৰ সংহতি আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাম্য আয়ৰ সুৰক্ষা শক্তিশালী কৰা, ফ্ৰণ্টলাইন আঁচনিসমূহক একত্ৰিত কৰা, আৰু কৃষি আৰু নিয়োগৰ মাজত ভাৰসাম্য ৰক্ষা কৰা।AdvertismentAdvertisment Read the Next Article