Assamese২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। বটদ্ৰৱা সাংস্কৃতিক প্রকল্পটো ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে উদ্বোধন কৰিব। Jyotiprasad Sarma Dec 22, 2025 19:08 IST২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ Photograph: (DY365)২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহবটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰিব গৃহমন্ত্রীয়েমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী পদক্ষেপ বটদ্ৰৱা সাংস্কৃতিক প্রকল্পটো অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সাংস্কৃতিক প্ৰকল্পৰ নাম দিয়া হ'ব 'আবিৰ্ভাৱ ক্ষেত্ৰ'। AdvertismentAlso Read: সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ককেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ পূৰ্বে সোমবাৰে পুৱা নগাঁৱৰ বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱাত উপস্থিত হৈ গৃহমন্ত্ৰীৰ কাৰ্যসূচীৰ আয়োজনৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ কাম–কাজৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মাণ প্ৰকল্পটোৰ প্ৰতিটো অংশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ সৈতে আলোচনা কৰি কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। Also Raed: কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতিউল্লেখযোগ্য যে, ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্মীয়মাণ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। মাংগলিক অনুষ্ঠান, নাম–কীৰ্তন, গায়ন–বায়নৰ ভিন্ন অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে প্ৰকল্পটো উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰ্মীয়মাণ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ নাম দিয়া হ’ব ‘আবিৰ্ভাৱ ক্ষেত্ৰ’। সাংস্কৃতিক প্ৰকল্প উদ্বোধনৰ পিছতে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি কৰিছিল। এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ উচ্চ গুৰু আসন, সত্ৰীয়া সংস্কৃতিত প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথিগৃহ, দেৱবাদ্য তালৰ কলাকেন্দ্ৰ, ফুলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে ধৰি নিৰ্মাণকাৰ্য চলোৱা হৈছে। AdvertismentAdvertisment Read the Next Article