Advertisment

কথামতেই কাম হাগ্ৰামাৰ! জুবিন গাৰ্গৰ স্মৃতিত ৩০ বিঘা ভূমিত হ'ব উদ্যান

কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে ৫৩ জোপা নাহৰ গছৰ পুলি ৰোপন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

 Filephoto
Filephoto

কথামতেই কাম হাগ্ৰামাৰ ! জুবিন গাৰ্গৰ স্মৃতিত ৩০ বিঘা ভূমিত হ'ব উদ্যান

কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে ৫৩ জোপা নাহৰ গছৰ পুলি ৰোপন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। 

Advertisment

জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন নোহোৱা এই কঠোৰ বাস্তৱক মানি অনুৰাগীয়ে পালন কৰিছে হাৰ্টথ্ৰব জুবিনৰ জন্মদিন। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।

হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিন উদযাপন কৰা হৈছে কোকৰাঝাৰতো। বিটিচি চৰকাৰৰ উদ্যোগত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে ৫৩ জোপা নাহৰ গছৰ পুলি ৰোপন কৰা হৈছে। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰো আধাৰশিলা স্থাপন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ আইটি পাৰ্কৰ কাষত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ ওপজা দিনৰ বৰ্ণাঢ্য অনুষ্ঠান। 

বিটিচি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰত উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিন। কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ পাৰৰ ইলাছীঝাৰত জুবিন গাৰ্গৰ ওপজা দিন পালন। ইলাছীঝাৰৰ আইটি পাৰ্কৰ সমীপত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি হাগ্ৰামা মহিলাৰীৰ। বিটিচিৰ পাৰিষদ, কাৰ্যবাহী সদস্যকে ধৰি কেইবাজনো মন্ত্ৰী-বিধায়কৰ অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজন কৰা বৰ্ণাঢ্য কাৰ্য়সূচীত। আনহাতে আইটি পাৰ্কত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে। তাৰ পাছতে ইলাছীঝাৰত জুবিন গাৰ্গৰ বাবে ৩০ বিঘা ভূমিত স্থাপন কৰিবলগীয়া স্মৃতি উদ্যান আৰু প্ৰতিমূৰ্তিৰো আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আনহাতে জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে ৫৩ জোপা নাহৰ পুলিও ৰোপণ কৰে বিটিচি চৰকাৰে। আনহাতে আজি বিয়লি ২৫ হাজাৰ শিল্পীয়ে বড়ো আৰু অসমীয়া ভাষাত গাব জুবিন গাৰ্গৰ প্ৰিয় গীত "মায়াবিনী"।  

Advertisment
Advertisment