Advertisment

সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক

ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।

 FILEPHOTO
FILEPHOTO

সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক

ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।

Advertisment

Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

কংগ্ৰেছ চৰকাৰে ল'লে এক বৃহৎ সিদ্ধান্ত। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে কয় যে, ৰাজ্য চৰকাৰে অচিৰেই ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে , "আমি অতি সোনকালে বিধানসভাত ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিম। বিধানসভাৰ বাজেট অধিবেশনত এই বিধেয়কখন উত্থাপন কৰি তেলেংগানা চৰকাৰে সকলো ধৰ্মৰ সম অধিকাৰ নিশ্চিত কৰিব।

Read More- লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা

এই নতুন আইনখনৰ লক্ষ্য হৈছে ধৰ্মীয় ঘৃণা দূৰ কৰা আৰু অন্য ধৰ্মক অপমান কৰাসকলক শাস্তি প্ৰদান কৰা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰতিজন ব্যক্তিয়ে নিজৰ ধৰ্মৰ লগতে আন ধৰ্মকো সন্মান কৰিব লাগে। ধৰ্মীয় ঘৃণা বিয়পোৱা আৰু আক্ৰমণৰ লগত জড়িত লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Read More- অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

উল্লেখ্য যে কেইদিনমান পূৰ্বে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে বিধানসভাত গৃহীত কৰিছিল HATES SPEECH & HATE CRIMES BILL ২০২৫।  এই আইন অনুসৰি ঘৃণামূলক ভাষণ দিলেই হ’ব ১০ বছৰ পৰ্যন্ত জে’ল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ’ব জামিনবিহীন গোচৰ।  কৰ্ণাটকৰ পিছত এতিয়া তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে প্ৰণয়ন কৰিবলৈ গৈ আছে এই বিশেষ বিধেয়কখন। 

Read More- নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন

HATES SPEECH & HATE CRIMES BILL ২০২৫ অনুসৰি, যিকোনো ব্যক্তি (জীৱিত বা মৃত), যিকোনো শ্ৰেণী, গোট বা সম্প্ৰদায়ৰ প্ৰতি আঘাত, অসন্তুষ্টি, শত্ৰুতা আৰু কু-অভিপ্ৰায়ৰ উদ্দেশ্যেৰে যদি কোনোবাই উচটনিমূলক আৰু ঘৃণামূলক ভাষণ দিয়ে সেয়া লাগিলে কথিত বা লিখিত ৰূপতেই হওক, ইংগিত বা দৃশ্যমান প্ৰতীকেৰে হওক বা সামাজিক মাধ্যমৰ জৰিয়তেই নহওক কিয় লগতে ধৰ্ম, জাতি, সম্প্ৰদায়, লিংগ, জন্মস্থান, বাসস্থান, ভাষা, অক্ষমতা বা জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি দিয়া যিকোনো ধৰণৰ পক্ষপাতিত্বকো ঘৃণামূলক ভাষণ হিচাপে শ্ৰেণীভুক্ত কৰা হ'ব। আৰু এইসকলৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Advertisment
Advertisment