Advertisment

পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব জোঙালবলহু গড়

পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব ৰহাৰ জোঙালবলহু গড়। অচিৰেই আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলকি উঠিব ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় ৷ ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে।

 পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব জোঙালবলহু গড় Photograph: (DY365)
পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব জোঙালবলহু গড় Photograph: (DY365)

পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব জোঙালবলহু গড়


কেতিয়া মুকলি হ'ব?

 
পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব ৰহাৰ জোঙালবলহু গড়। অচিৰেই আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলকি উঠিব ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় ৷ ইতিহাস প্ৰসিদ্ধ বীৰ ৰজা জোঙালবলহুৰ ৰাজধানী তথা ঐতিহ্যপূৰ্ণ জোঙালবলহু গড়ক আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ৬৫ কোটি টকাৰে পূৰ্ণগতিত চলি আছে পৰ্যটন ক্ষেত্ৰৰ কাম৷

Advertisment

ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। ৩ জানুৱাৰীত জোঙালবলহু দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই জোঙালবলহু পৰ্যটন ক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে৷

Also Read: পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে, তিৱাসকলৰ পিতৃ পুৰুষ বুলি গণ্য কৰা ৰজা জোঙালবলহুৰ সাততৰপীয়া গড়ৰ এই ৰাজধানী ক্ষেত্ৰখন সংৰক্ষণ তথা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ তিৱা জাতীয় সংগঠনসমূহে চৰকাৰক দাবী জনাই আহিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ঐতিহ্যবহনকাৰী ক্ষেত্ৰখন আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৬৫ কোটি টকা মোকলাই দিয়ে৷

Also Read: প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

কি কি থাকিব জোঙালবলহু পৰ্যটন ক্ষেত্ৰত?

জোঙালবলহু পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকলৰ ঐতিহ্যবহনকাৰী বিভিন্ন সম্পদ, কৃষ্টি-সংস্কৃতি, ভাস্কৰ্য তথা তিৱা জনগোষ্ঠীৰ পৰম্পৰা, ৰীতি-নীতিৰ মেটমৰা সম্ভাৰ৷ পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকলৰ ডেকাচাং, বৰঘৰ, টঙীঘৰ৷ লগতে থাকিব যাদুঘৰ, পুথিভঁৰাল, সভাগৃহ, অতিথিশালা, ভোজনালয় আদি৷

Also Read: কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

উল্লেখ্য যে, চতুৰ্দশ শতিকাৰ বীৰ ৰজা জোঙালবলহুৱে নিজৰ ৰাজধানী সুৰক্ষিত কৰিবলৈ সাততৰপীয়া গড় মাৰিছিল৷ পিছত কছাৰী ৰজাৰ আক্ৰমণত জোঙালবলহুৰ মৃত্যু হয় যদিও থাকি গ’ল তেওঁৰ কৃতিত্বৰ চানেকি৷ দেশৰ স্বাধীনতাৰ পিছত ১৯৫৪ চনত অসম চৰকাৰে এই বিশাল পুখুৰীবোৰক চৰকাৰী মীনপাম হিচাপে গঢ়ি তোলে যদিও জোঙালবলহুৰ কীৰ্তিচিহ্ন গড়বোৰ ক্ষয় যাব ধৰিলে আৰু জোঙালবলহুৰ স্মৃতিও নৱ প্ৰজন্মৰ মাজৰ পৰা হেৰাই যাব ধৰিলে৷ তেনে সময়তে চৰকাৰে ঐতিহাসিক ঠাইখনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াত বুৰঞ্জীপ্ৰসিদ্ধ বীৰ ৰজাগৰাকীৰ কৃতিত্বৰ চানেকি জনমানসত পুনৰ সজীৱ হৈ উঠিব।

Advertisment
Advertisment