Advertisment

এবছৰত থাকে ১৩ মাহ! ২০২৫ত উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।

পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে। যিখন দেশ এতিয়াও বিশ্বৰ আন আন দেশৰ পৰা প্ৰায় ৭-৮ বছৰ পিছ পৰি আছে। আচৰিত কথা যে এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।

 এবছৰত থাকে ১৩ মাহ! ২০২৫ত উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।

পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে।  আচৰিত কথা যে এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ। 

Advertisment

কল্পনা কৰক, এটা বছৰত যদি ১৩ মাহ থাকে, যদি পৃথিৱীখনৰ সয়ম সলনি হৈ পৰে! ভাবিলে আচৰিত লাগিব পাৰে কিন্তু এয়াই সত্য যে এতিয়াও এইখন পৃথিৱীতেই এটা বছৰত আচলতে ১৩ মাহ থাকে। 

calander
Photograph: (internet)

বিশ্বৰ কিছুমান কথা বিস্ময়, কিছুমান বিষয় ৰহস্যময়। যিবোৰৰ ৰহস্য উদঘাটন অলিক কল্পনা মাথো। এই পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে। যিখন দেশ এতিয়াও বিশ্বৰ আন আন দেশৰ পৰা প্ৰায় ৭-৮ বছৰ পিছ পৰি থাকে। আচৰিত কথা যে এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ। 

২০১৮ চনৰ নৱবৰ্ষ উদযাপন কৰা দেশখনেই হ'ল পূব আফ্ৰিকাৰ ইথিওপিয়া। দেশখনে নিজস্ব ইথিওপিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰি বছৰত ১৩টা মাহ পালন কৰে। 

1
Photograph: (internet)

উল্লেখ্য যে বিশ্বত প্ৰাচীন কালৰে পৰা মানৱ জাতিয়ে নিজৰ দিন-বাৰ হিচাপ ৰাখিবৰ বাবে কেলেণ্ডাৰৰ ব্যৱহাৰ কৰি আহিছে। পূ্ৰ্বে ঠাই ভেদে নিজস্বতা ভিন্ন আছিল, বিভিন্নতাই বিৰাজ কৰিছিল ভৌগলিক এলেকা ভেদে মানুহৰ প্ৰয়োজনীয়তাত। কিন্তু সময়ৰ দ্ৰুতগতিত বিশ্ব-ব্ৰহ্মাণ্ড এক হৈ পৰিল। যাক কোৱা হয় বিশ্বায়ন। 

সি যি নহওক, প্ৰাচীন সভ্যতাৰ পৰা বৰ্তমানৰ আধুনিক যুগলৈকে মানুহে দিন, তাৰিখ, মাহ, বছৰৰ হিচাপ ৰাখিবলৈ ব্যৱহাৰ কৰা কেলেণ্ডাৰৰ তত্পৰ্য আৰু উল্লেখযোগ্য ভূমিকা আছে। কিন্তু ইয়াৰ মাজতে প্ৰভাৱ পৰে গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ। যি কেলেণ্ডাৰ অনুসৰণ কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে বিশ্ববাসী। ১৫৮২ চনত পৃথিৱীৰ সহৰভাগ দেশেই এই গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰণ কৰি দিন, তাৰিখ, মাহ, বছৰৰ হিচাপ ৰখিবলৈ আৰম্ভ কৰে। 

3
Photograph: (internet)

বিশ্বৰ সকলো দেশে যদিও এই গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰণ কৰে তথাপি এখন দেশ যি দেশে নিজৰ কেলেণ্ডাৰ বাহাল ৰাখে। আৰু সেই পূব আফ্ৰিকাৰ ইথিওপিয়া দেশে আজিও পালন কৰে এটা বছৰত ১৩টা মাহ। যি সময়ত বিশ্বৰ আন দেশে ২০২৫ৰ মধ্য ভাগত উপনীত হৈছে সেই সময়ত এই ইথিওপিয়া দেশে প্ৰৱেশ কৰিছে ২০১৮ চনত। বৰ্তমান দেশখনে উদযাপন কৰিছে নৱবৰ্ষ। 

5
Photograph: (internet)

উল্লেখ্য যে ইথিওপিয়াত ইথিওপিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰাৰ বাবে বৰ্তমান দেশখন বিশ্বৰ সময়তকৈ প্ৰায় ৭-৮ বছৰ পিছপৰি আছে।

কিন্তু ইয়াৰ কাৰণ কি?

দেশখনে এই নিয়ম পালন কৰাৰ এটা কাহিনী আছে। যি কাহিনী দেশখনৰ বিশ্বাস। বিশ্বৰ আন আন প্ৰান্তৰ পৰা আঁতৰি সাত-আঁঠ বছৰৰ ব্যৱধানৰ মূল কাৰণ হ’ল ইথিওপিয়া বাসীয়ে যীচু খ্ৰীষ্টৰ জন্মৰ বৰ্ষটো আন দেশতকৈ পৃথকে গণনা কৰে। উল্লেখ্য যে ৫০০ খ্ৰীষ্টাব্দত কেথলিক গীৰ্জাই যেতিয়া যীচু খ্ৰীষ্টৰ জন্মৰ বৰ্ষৰ হিচাপ শুধৰণি কৰিছিল, তেতিয়া ইথিওপিয়াই সেই সংশোধিত হিচাপ মানি লোৱা নাছিল। কিন্তু ইথিওপিয়াৰ বাদে ৰোমান গীৰ্জাই নিজৰ কেলেণ্ডাৰ গ্ৰেগ’ৰিয়ান ব্যৱস্থালৈ সলনি কৰাৰ সিদ্ধান্ত লয়। সেই মৰ্মেই বিশ্বৰ আন আন দেশে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰৰ অনুসৰি দিন, বাৰ, তাৰিখ আৰু বছৰৰ হিচাপ ৰাখে। 

4
Photograph: (internet)

মিজৰ মতত অটল থকা ইথিওপিয়াবাসীৰ মাজত নৱবৰ্ষক ‘এনকুটাটাছ’ বুলি জনা যায়। ইথিওপিয়াৰ লোকে তেওঁলোকৰ নৱবৰ্ষক পৰম্পৰাগত নৃত্য, গীত সমাৱেশেৰে উলহ-মালহেৰে উদযাপন কৰে। মনকৰিবলগীয়া যে ইথিওপিয়ান লোকে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰৰ অনুসৰি ১১ ছেপ্টেম্বৰ তাৰিখে নতুন বছৰ উদযাপন কৰে।