Advertisment

ধিঙত আজিও চলিল প্ৰশাসনৰ বুলড'জাৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।  দ্বিতীয় দিনাও নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে ধিঙত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল। 

 Filephoto
Filephoto

ধিঙত আজিও চলিল প্ৰশাসনৰ বুলড'জাৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।  দ্বিতীয় দিনাও নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে ধিঙত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল। 

Advertisment

Read More- চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা

ধিঙত আজিও চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মঙ্গলবাৰৰ পৰা ধিঙত চলা এই উচ্ছেদ অভিযান চলিব ২০ ডিচেম্বৰলৈকে। প্ৰতিটো দিনৰ উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সষ্টম জিলা প্ৰশাসন। উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল। 

Read More- বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ। নগাঁৱৰ ধিঙতো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ত প্ৰায় 230 বিঘা জলাভূমি উচ্ছেদ কৰি বেদখলমুক্ত কৰিব তিনিখনকৈ বিল। মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযান চলিব ২০ ডিচেম্বৰলৈকে।

Read More- মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

আজি পুৱাৰে পৰাই ধিঙৰ টুকটুকীৰ ৰৌমাৰি বিলৰ পৰা আৰম্ভ হ'ল উচ্ছেদ অভিযান। প্রশাসনে বুলড’জাৰেৰে এফালৰ পৰা মুক্ত কৰিছে দখলীকৃত ভূমি। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫০ বিঘা চৰকাৰী ভূমিত চলিল এই উচ্ছেদ। প্ৰশাসনৰ হাতত আছে সৰ্বমুঠ ৫৬৫ টা ফিচাৰী অবৈধভাৱে নিৰ্মাণ কৰাৰ তথ্য। ৪ দিনৰ ভিতৰতে উচ্ছেদ চলোৱা হ'ব সকলো অবৈধ ফিচাৰীত। চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰিত উচ্ছেদ চলোৱাৰ লগতে ৰৌমাৰী বিল, মৈৰাধ্বজ, মাগুৰমাৰী বিলতো চলিব এই উচ্ছেদ অভিযান। 

Read More- নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

উল্লেখ্য যে, বিগত বহু দিনৰ পৰাই একাংশ লোকে বোৱতি জলধাৰা বন্ধ কৰি বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰাৰ ফলত বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছিল। দীৰ্ঘদিনীয়া এনে এটা জটিল সমস্যা উচ্ছেদৰ পাছতেই এতিয়া সমাধানৰ দিশে। যাৰ বাবে এই উচ্ছেদ অভিযানক আদৰণি জনাইছে স্থানীয় ৰাইজে।

Advertisment
Advertisment