Advertisment

চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা

এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।

এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল

প্ৰায় ডেৰ ফুট দীঘল প্ৰকাণ্ড অসাধাৰণ জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণ গাঁৱত একপ্ৰকাৰ চাঞ্চল্য

Advertisment

গুৱাহাটী, ১৬ ডিচেম্বৰঃ আপুনি কিমান ডাঙৰ জোতা দেখিছে, নিশ্চয় ৫, ৬, ৭ অথবা ১০ নম্বৰৰ জোতা দেখিছে। কিন্তু আমি যদি কওঁ প্ৰায় ডেৰফুট দীঘলৰ এক প্ৰকাণ্ড জোতাৰ কথা। এপাত জোতা দেখিলে আপোনাৰ চকু কপালত উঠিব। নাহৰকটীয়াত উদ্ধাৰ হোৱা এক প্ৰকাণ্ড অসাধাৰণ জোতাই এতিয়া ব্যাপক কৌতুহলৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাহৰকটীয়াৰ জাগুণ গাঁৱত এই ঘটনা। গাওঁখনৰ ৰাকেশ দাস আৰু তেওঁৰ ভাতৃয়ে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এপাত প্ৰকাণ্ড জোতা। আৰু তাৰ পিছৰে পৰা জোতাপাতক লৈ ব্যাপক কৌতুহলৰ সৃষ্টি হৈছে নাহৰকটীয়াৰ জাগুণ গাঁৱত।

ALSO READ: পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা

The Great Khaliৰ ভৰিখনতকৈও প্ৰকাণ্ড জোতাপাত ক'ৰ পৰা কেনকৈ আহিল তাকে লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চা। জোতা পাত চাবলৈ গাওঁখনত ভিৰ কৰিছেহি বহুলোকে। একাংশই এয়া ৰজাদিনীয়া জোতা বুলি উল্লেখ কৰিছে বা দাবী কৰিছে। ৰাজ্যৰ পুৰাতত্ব বিভাগে অধিক অনুসন্ধান কৰিলে ক'ৰ পৰা কেনেকৈ এই জোতাপাত আহিল তাৰ সন্ধান ওলাই পৰিব বুলি আশা সকলোৰে।

Advertisment
Advertisment