Advertisment

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন!

পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন। চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়াও বিপদত। আদালতৰ আগতীয়া অনুমতি অবিহনে আটাইকেইজনে যাব নোৱাৰিব অসমৰ বাহিৰলৈ।

 Filephoto
Filephoto

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন!

পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন। চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়াও বিপদত। আদালতৰ আগতীয়া অনুমতি অবিহনে আটাইকেইজনে যাব নোৱাৰিব অসমৰ বাহিৰলৈ। 

Advertisment

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন! অভিযুক্ত চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়া বিপদত পৰিছে। ইতিমধ্য আটাইকেইজনে জামিন লাভ কৰিছে যদিও CBI তদন্তৰ বাবে আটাইকেইজনৰ বিৰুদ্ধে নজৰবন্দীৰ নিৰ্দেশ দিছে আদালতে। এতিয়াৰে পৰা ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত এই আটাইকেইজনে আদালতৰ আগতীয়া অনুমতি অবিহনে অসমৰ বাহিৰলৈ যাব নোৱাৰিব। অৱশ্যে স্বাস্থ্যজনিত কথাটো বেলেগ। স্বাস্থ্যজনিত কিবা সমস্যা হলে তেওলোকে চিকিসাৰ বাবে অসমৰ বাহিৰলৈ যাব পাৰিব। কিন্তু স্বাস্থ্যজনিত কাৰণ বাদ দি আটাইকেইজনে আদালতৰ আগতীয়া অনুমতি অবিহনে অসম এৰিব নোৱাৰিব। অৰ্থাত আদালতৰ অনুমতি অবিহনে অসমৰ বাহিৰৰ অন্য কোনো ঠাইলৈ যাব নোৱাৰিব আটাইকেইজন অভিযুক্তই। আনহাতে শুনানিৰ সময়ত আটাইকেইজন অভিযুক্তৰ আদালতত উপস্থিত থকাটো বাধ্যতামূলক।

ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত অভিজিত চন্দকো একেই নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে সমগ্ৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত অব্যাহত আছে CBIৰ। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত কেউজনৰ বিৰুদ্ধে আছে গোচৰ।  CBIৰ তদন্ত আৰু তথ্য প্ৰমাণৰ ভিত্তিত আদালতত ৰুজু হোৱা গোচৰৰ প্ৰথমটো শুনানি ১২ ডিচেম্বৰত হ'ব ৷ ১২ ডিচেম্বৰত হ’ব ২৯/২৫ নম্বৰৰ এই গোচৰটোৰ প্ৰথমটো শুনানি। শুনানিৰ সময়ত আটাইকেইজন অভিযুক্তৰ আদালতত উপস্থিত থকাটো বাধ্যতামূলক। স্বাস্থ্যজনিত কাৰণৰ বাহিৰে অন্য কাৰণত এই অভিযুক্তসকলে শুনানিৰ সময়ত আদালতত উপস্থিত নাথাকিলে বিপদ অনিবাৰ্য। 

আনহাতে আদালতত জব্দ হৈ থকা চুমি বৰাৰ পাছপৰ্ট, তাৰ্কিক বৰাৰ কেমেৰা, লেপটপ আদি বিচাৰি আবেদন কৰিছিল যদিও সেই আবেদন লগে লগে খাৰিজ কৰে আদালতে৷

Advertisment
Advertisment