Assameseনামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিলআজিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পত ঘূৰিল টাৰ্বাইন। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ। ৰাজ্যজুৰি চলা ব্যাপক প্ৰতিবাদ আৰু নদীবান্ধৰ বিৰোধিতা ওফৰিল। অথলে গ'ল নদীবান্ধটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কৰা আন্দোলন।Jyotiprasad Sarma Dec 23, 2025 09:45 ISTনামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিল Photograph: (DY365)নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিল অথলে গ'ল বছৰ বছৰ ধৰি কৰা আন্দোলনআজিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পত ঘূৰিল টাৰ্বাইন। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ। ৰাজ্যজুৰি চলা ব্যাপক প্ৰতিবাদ আৰু নদীবান্ধৰ বিৰোধিতা ওফৰিল। অথলে গ'ল নদীবান্ধটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কৰা আন্দোলন।Advertismentঅৱশেষত বৃহত্ নদীবান্ধৰ টাৰ্বাইন ঘূৰিল গেৰুকামুখত। আৰম্ভ হ’ল নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ ব্যৱসায়িক উত্পাদন। কাৰ্যক্ষম হ’ল NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্প। লখিমপুৰৰ গেৰুকামুখত বিজুলী উৎপাদনৰ লক্ষ্যত উপনীত হ’ল NHPC। নৱেম্বৰৰ পৰাই শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল প্ৰকল্প কৰ্তৃপক্ষই। জলবিদ্যুত্ প্ৰকল্পটোত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ ২৫০ মেগাৱাট বিদ্যুত্।Also Read: অন কেমেৰা দেশবিৰোধী শ্লোগান নিশা ১২ বজাৰ পিছতেই ঘূৰিল সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ ২ নম্বৰ ইউনিটৰ টাৰ্বাইন। আজি মঙলবাৰে ১০ বজাত কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে প্ৰকল্পটোৰ ভাৰ্চুৱেলী কৰিব শুভ উদ্বোধন। মুঠ ৮টা টাৰ্বাইন সংযুক্ত কৰা হৈছে জলবিদ্যুত্ প্ৰকল্পটোৰ শক্তিগৃহত। আটাইকেইটা ইউনিট সক্ৰিয় হ’লে নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পটোত উৎপাদন হ’ব ২০০০ মেগাৱাট শক্তি। সৰ্বমুঠ ৮টা ইউনিট কাৰ্যক্ষম হৈ উঠিলেই প্ৰকল্পটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৮টা ইউনিট কাৰ্যক্ষম হৈ উঠিলে মুঠ ২ হাজাৰ মেগাৱাট শক্তি উৎপাদন কৰিব প্ৰকল্পটোৱে। Also Read: শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰউল্লেখযোগ্য যে, নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যত হৈছিল ব্যাপক প্ৰতিবাদ, বিৰোধ। জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ অভিযোগ আনিছিল গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ বিৰুদ্ধে। বিভিন্ন দল-সংগঠন তথা ৰাইজৰ ব্যাপক প্ৰতিবাদ, আন্দোলনৰ পিছতো গেৰুকামুখত চলি আছিল নদীবান্ধৰ নিৰ্মাণ কাৰ্য। গণতান্ত্ৰিক প্ৰতিবাদক ভৰিৰে মোহাৰি অৱশেষত আৰম্ভ হ'ল বিজুলী উৎপাদন। AdvertismentAdvertisment Read the Next Article