Assameseঅধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়াৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।Mrinmoy Talukdar Dec 23, 2025 11:18 ISTFILEPHOTOঅধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়াৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।AdvertismentRead More- সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়কৰেল যাত্ৰী সকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ২৬ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ’ব ৰে’ল যাত্ৰা। অতিৰিক্ত ৰাজহ আহৰণৰ লক্ষ্য়ৰে ভাৰতীয় ৰে’লৱেই লৈছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰে জুলাই মাহতো ৰে’ল ভাড়া বৃদ্ধি কৰিছিল ভাৰতীয় ৰে’লৱেই। Read More- বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি?২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাড়াৰ কথা ঘোষণা ভাৰতীয় ৰে’লৱেৰ। ৫০০ কিলোমিটাৰ যাত্ৰাৰ বাবে যাত্ৰী সকলে দিব লাগিব অতিৰিক্ত ১০ টকাকৈ। ২১৫ কিলোমিটাৰৰ পিছত প্ৰতি কিঃমিঃত সাধাৰণ শ্ৰেণীৰ ভাড়া ১ পইচাকৈ বৃদ্ধি কৰা হৈছে। একেধৰণেৰে মেইল আৰু এক্সপ্ৰেছৰ প্ৰতি কিঃমিঃত টিকটৰ দাম বৃদ্ধি কৰা হৈছে ২ পইচাকৈ। Read More- কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰমন্ত্ৰালয়ৰ পৰা পোৱা তথ্য অনুসৰি সকলো যাত্ৰীবাহী ৰে’লৰ জেনেৰেল, শ্লীপাৰ, AC সকলো শিতানতে ভাড়া বৃদ্ধি প্ৰযোজ্য হ’ব। কিন্তু স্থানীয় আৰু মাহেকীয়া ছিজন টিকট (এম এছ টি)ৰ ক্ষেত্ৰত ভাড়া বৃদ্ধি হোৱা নাই। আনহাতে জেনেৰেলত ২১৫ কিলোমিটাৰৰ তলৰ যাত্ৰাৰ কোনো ভাড়া বৃদ্ধি কৰা হোৱা নাই Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মউচ্চ পৰ্যায়ৰ কাৰ্যকলাপৰ বাবে আৰু সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবেই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। ২৬ ডিচেম্বৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব। কিন্তু ইতিমধ্যেই টিকট বুকিং কৰি থোৱাসকলে এইক্ষেত্ৰত কোনোধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে।AdvertismentAdvertisment Read the Next Article