Assameseখেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপখেৰণিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। ৰাবাৰ বুলেট, কন্দুৱা গেছো প্ৰয়োগ কৰে আৰক্ষীয়ে। পুৱাৰে পৰা খেৰণিৰ কপিলী দলঙৰ পাৰত স্পৰ্শকাতৰ পৰিস্থিতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে।Jyotiprasad Sarma Dec 23, 2025 14:54 ISTখেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ Photograph: (DY365)খেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপআৰক্ষীৰ লাঠীচালনা, ৰাবাৰ বুলেট, কন্দুৱা গেছ প্ৰয়োগখেৰণিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। ৰাবাৰ বুলেট, কন্দুৱা গেছো প্ৰয়োগ কৰে আৰক্ষীয়ে। পুৱাৰে পৰা খেৰণিৰ কপিলী দলঙৰ পাৰত স্পৰ্শকাতৰ পৰিস্থিতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ আক্ৰমণত কেইবাগৰাকীও আৰক্ষী আঘাতপ্ৰাপ্ত। প্ৰতিবাদকাৰীয়ে হাতত লাঠী লৈ যুদ্ধংদেহী মনোভাৱেৰে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। তাৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে।AdvertismentAlso Read: বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিপশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি সম্প্ৰতি স্পৰ্শকাতৰ হৈ পৰিছে। ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে উচ্ছেদক লৈ সৃষ্টি হোৱা পৰিস্থিতিয়ে। খেৰণিৰ কপিলী দলঙৰ দুয়ো পাৰত যুদ্ধংদেহি অৱস্থাত অৱস্থান কাৰ্বি, অনাকাৰ্বি লোকৰ। পুৱাৰে পৰা অশেষ কষ্টৰে অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ সন্মুখতে কেইবাবাৰো আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে নিজে ৰাজপথত নামি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। কাৰ্বি যুৱকৰ কেইবাখনো বাইক জ্বলাই দিয়ে অনাকাৰ্বি লোকে। হাতে হাতে লাঠী, ৰদ লৈ ৰাজপথলৈ ওলাই অহা দেখা গৈছে অনাকাৰ্বি লোকক। কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা খেৰণিলৈ আহিছে অনাকাৰ্বি লোকসকল। Also Read: আচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগপুৱাৰে পৰা চেপা উত্তেজনাই বিৰাজ কৰি আছিল খেৰণিত। এখন যাত্ৰীবাহী বাছ কপিলী দলং পাৰ হ’বলৈ লওঁতে ক্ৰমান্বয়ে পৰিস্থিতিৰ অৱনতি ঘটে। দলংখনৰ এটা পাৰে থকা কাৰ্বি লোকে বাছখন যোৱাত বাধা দিয়ে। ইফালে বাছখন উভতি অহাত বাধা দিয়ে দলংখনৰ আনটো পাৰে থকা অনাকাৰ্বি লোকে। এই লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। অধিক ভয়ংকৰ হৈ পৰে পৰিৱেশ। তেনে সময়তে কেইজনমান কাৰ্বি যুৱক বাইকেৰে উপস্থিত হয় অনাকাৰ্বি লোক থকা স্থানত। আৰক্ষীৰ উপস্থিতিতে যুৱককেইজনক আক্ৰমণৰ চেষ্টা চলাই অনাকাৰ্বি লোকে। বাইককেইখন কাঢ়ি ভাঙি চূৰমাৰ কৰাৰ লগতে জ্বলাই দিয়ে উত্তেজিত লোকসকলে। তাৰ পিছতেই অনাকাৰ্বি লোকসকল থকা পাৰৰ পৰিস্থিতি উত্তপ্ত হ’বলৈ ধৰে। আৰক্ষীয়ে বহু কষ্ট কৰি কাৰ্বি যুৱককেইজনক নিৰাপদ স্থানলৈ লৈ যায়। এটা সময়ত অনাকাৰ্বি মহিলাসকলো হাতে হাতে লাঠী লৈ ওলাই আহে ৰাজপথলৈ। ইফালে দলঙৰ আনটো পাৰত সষ্টম হৈ থাকে কাৰ্বি লোকসকল। আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে দলঙৰ মাজত অৱস্থান লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। সোমবাৰৰ পৰা উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চল। PGR/VGRত বেদখল উচ্ছেদক লৈ প্ৰতিবাদৰ হিংসাত্মক ৰূপ ধাৰণ। AdvertismentAdvertisment Read the Next Article