Advertisment

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। পুনৰ উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি। হাতে হাতে লাঠী লৈ ওলাই আহিছে অনা-কাৰ্বি পুৰুষ-মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন।

 বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি Photograph: (DY365)
বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি Photograph: (DY365)

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। পুনৰ উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি। হাতে হাতে লাঠী লৈ ওলাই আহিছে অনা-কাৰ্বি পুৰুষ-মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন। আৰক্ষীৰ সন্মুখতে কেইবাখনো বাহনত অগ্নিসংযোগ। শ শ প্ৰতিবাদকাৰীৰ সন্মুখত নীৰৱ দৰ্শক হৈ ৰৈ থাকিল আৰক্ষী। যিকোনো মুহূৰ্ততে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে পৰিস্থিতি। কাৰ্বি যুৱকৰ বাইক ভাঙি চূৰমাৰ কৰি দিলে অনা-কাৰ্বি লোকে।

Advertisment

খেৰণি অঞ্চলত বন্ধ হৈ আছে সকলো বাণিজ্যিক প্ৰতিষ্ঠান। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জ্বলাই দিছে ইখনৰ পিছত সিখন বাহন। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। হাতে হাতে লাঠী লৈ ওলাই আহিছে পুৰুষ-মহিলা।

Also Read: শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ

খেৰণিৰ কপিলী দলঙৰ এটা পাৰত বাহৰ পাতিছে প্ৰতিবাদকাৰীয়ে। দলঙৰ আনটো পাৰে ৰৈ আছে অনাকাৰ্বি লোক। খেৰণি থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ডিজিপি হৰমিত্‍ সিঙে। প্ৰতিবাদকাৰীৰে বাৰ্তালাপৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা মন্ত্ৰী ৰণোজ পেগুৰ। মন্ত্ৰী ৰণোজ পেগু, ডিজিপি হৰমিত্‍ সিঙৰ পৰ্যৱেক্ষণত পৰিস্থিতি। 

চেপা উত্তেজনা অব্যাহত খেৰণি অঞ্চলত। সোমবাৰৰ পৰা উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চল। PGR/VGRত বেদখল উচ্ছেদক লৈ প্ৰতিবাদৰ হিংসাত্মক ৰূপ। খেৰণিৰ ভিন্ন স্থানত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। খেৰণি থানাৰ সমীপতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে বাইক। কেইবাখনো দোকান-পোহাৰত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। প্ৰশাসনে চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি। 

উল্লেখ্য যে, সোমবাৰে বিয়লি KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে কৰিছিল অগ্নিসংযোগ। এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজতো হৈছিল হতাহতি। 

Also Read: কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি

পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 ধাৰা জাৰি। ৰাজহুৱা স্থানত সমদল উলিওৱাত জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৫জনতকৈ অধিক লোক সমৱেত হোৱাত বাধা আৰোপ কৰিছে প্ৰশাসনে। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব স্পীকাৰ, বাইক। বেনাৰ, পোষ্টাৰ লগোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৰাজহুৱা স্থানত ভাষণ দিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি। 

Advertisment
Advertisment